Asha Workers protest at Chirang: বিধায়ক অতুল বৰাৰ বিৰুদ্ধে চিৰাং আশাকৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ - Asha Workers protest against MLA Atul Bora
চিৰাং ,৯ ফেব্ৰুৱাৰী:চিৰাং জিলাৰ কাজলগাঁৱত বিজেপি বিধায়ক অতুল বৰাৰ বিৰুদ্ধে চিৰাং জিলা আশাকৰ্মী সন্থাৰ উত্তাল প্ৰতিবাদ (Asha Workers protest in Kajalgaon)। বিজেপিৰ বিধায়ক অতুল বৰাই কৰা বিতৰ্কিত মন্তব্য়ৰ বিৰুদ্ধে চিৰাঙৰ কাজলগাঁৱত উত্তাল প্ৰতিবাদ জনালে আশা কৰ্মীসকলে । বিধায়ক অতুল বৰাই আশাকৰ্মীক দোষাৰোপ কৰা বন্ধ নকৰিলে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে চিৰাং জিলাৰ আশাকৰ্মীসকলে ।
বিজেপিৰ বিধায়ক অতুল বৰাই বাল্যবিবাহ, জনসংখ্যা বৃদ্ধি আৰু শিশু মৃত্যুৰ কাৰণে আশাকৰ্মী সকলেই দায়ী কৰি সংশ্লিষ্ট এলেকাৰ আশাকৰ্মী সকলক বাতিল কৰাৰ দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰা বিষয়টোৰ বিৰোধিতা কৰি চিৰাঙৰ কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ৰ সন্মুখত চিৰাং জিলা আশাকৰ্মী সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Asha Workers protest against MLA Atul Bora) । জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা আশাকৰ্মীসকলে অতুল বৰা মুৰ্দাবাদ, আশাকৰ্মী সকলক দোষাৰোপ কৰা বন্ধ কৰক, মুখ্যমন্ত্ৰীক দিয়া পত্ৰ উঠাই লওক আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । তেওঁলোকে বিধায়ক অতুল বৰাক ভৱিষ্য়তে এনে মন্তব্য় নকৰিবলৈ সঁকীয়াই দিয়ে ।
উল্লেখ্য় যে বিধায়ক অতুল বৰাই বাল্য় বিবাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰখনত তেওঁ জনসংখ্যা বৃদ্ধি হোৱা অঞ্চলত আশাকৰ্মী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল । তেওঁ এই পত্ৰখনত লিখিছিল ‘‘বাল্যবিবাহৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ৷ এইক্ষেত্ৰত মই এটা পৰামৰ্শ দিব খুজিছোঁ ৷ সেইটো হৈছে, যি অঞ্চলত বা যি জিলাত বাল্যবিবাহৰ বাবে অথবা এনে জাতীয় আন কোনো কাৰণত জনসংখ্যা বৃদ্ধি হৈছে, তেনে অঞ্চলৰ পৰা অতি সোনকালে আশাকৰ্মী প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা ল’বলৈ আপোনাক অনুৰোধ জনালোঁ ৷ কাৰণ কি এই পত্ৰত এতিয়াই ৰাজহুৱা নকৰো (MLA Atul Bora on child marriage)।"
লগতে পঢ়ক:92nd Srimanta Sankardev Sangha annual conference: পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰলৈ ভকত বৈষ্ণৱৰ আগমন