অসম

assam

আশা অভিৱৰ্তন অনুষ্ঠান

ETV Bharat / videos

Asha worker district conference: জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বঙাইগাঁৱত আশা কৰ্মীৰ অভিৱৰ্তন - আশা কৰ্মীৰ অভিৱৰ্তন

By

Published : Mar 24, 2023, 8:15 AM IST

বঙাইগাঁও, 24 মাৰ্চ : বৃহস্পতিবাৰে বঙাইগাঁও জিলা পুঁথি ভঁৰাল প্ৰেক্ষাগৃহত বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ আশা কৰ্মীসকলৰ এখন অভিৱৰ্তন অনুষ্ঠিত হয় (Asha convention 2023) ৷ জিলা উপায়ুক্তৰ লগতে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসহ বহুকেইগৰাকী বিষয়া উপস্থিত থকা অনুষ্ঠানটোত চাৰি গৰাকী আশা চুপাইভাইজাৰ, চৈধ্য গৰাকী আশা কৰ্মীক প্ৰশাসনৰ তৰফৰ পৰা বছৰটোৰ শ্ৰেষ্ঠ কৰ্মীৰ সন্মানেৰে বটা প্ৰদান কৰা হয়  ৷

বৃহস্পতিবাৰৰ এই গাম্ভীৰ্য্যপূৰ্ণ অভিৱৰ্তনখনিত আশা কৰ্মীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় (Asha worker district conference) । কৰ্ম ক্ষেত্ৰত পোৱা বিভিন্ন অভিজ্ঞতা আৰু তিক্ততা সম্পৰ্কেও ব্যাখ্যা কৰে আশা কৰ্মীসকলে । লগতে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ বাবেও চৰকাৰক আহ্বান জনালে আশা কৰ্মী সকলে । জিলা উপায়ুক্ত নৱদ্বীপ পাঠকে তেখেতৰ ভাষণত কয় যে, আশা কৰ্মীসকলে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক নানা ধৰণৰ উপায়েৰে সহায় কৰিব পাৰে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকল বা অশিক্ষিত ব্যক্তি সকলে চৰকাৰে আগবঢ়োৱা নানা আঁচনিৰ বিষয়ে অৱগত নহয় যাৰ ফলত তেওঁলোকে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থকা পৰিলক্ষিত হয় । উদাহৰণ স্বৰূপে ৰেচন কাৰ্ড থকা পৰিয়ালৰ সদস্য সকলে স্বাস্থ্য বীমা আঁচনিৰ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকাৰ চিকিৎসাৰ বাবে ৰেহাই পায় ৷ কিন্তু বহুতে এই আঁচনিৰ বিষয়ে নাজানে বা আঁচনিৰ পৰা বঞ্চিত হৈ আছে । গতিকে এই ক্ষেত্ৰত আশাকৰ্মী সকলৰ বহুতো কৰণীয় কাম আছে ৷

সমাজৰ সকলো শ্ৰেণীৰে লোকক সহায় কৰাটো আশাকৰ্মীৰ কৰ্তব্য আৰু দায়িত্ব (Asha worker) । ইয়াৰোপৰি সমাজত চলা বহু কু-সংস্কাৰ আঁতৰ কৰোৱাৰ ক্ষেত্ৰত আশা কৰ্মীসকলে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি সকলোকে সজাগ ও সচেতন কৰিব পাৰে । জিলাখনৰ গৰিষ্ঠ সংখ্যক আশাকৰ্মীয়ে বৃহস্পতিবাৰৰ অধিবেশনত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Asha workers district conference: নলবাৰীত আশা কৰ্মীৰ জিলা অভিৱৰ্তন

ABOUT THE AUTHOR

...view details