Assam Arunachal border dispute: গহপুৰৰ অসমৰ ভূমিত অৰুণাচলীয়ে আঁৰিলে ভাবুকি পূৰ্ণ পোষ্টাৰ - ৰাজ্য সীমা সমস্যাৰ সমাধান
বিশ্বনাথ, ৩০ এপ্ৰিল : ৰাজ্যত আকৌ অথন্তৰ ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত দুয়োখন ৰাজ্য সীমা সমস্যাৰ সমাধানৰ দিশে গতি কৰি থকাৰ সময়তে সংঘটিত হৈছে অঘটন (Assam Arunachal border dispute) ৷ শনিবাৰে নিশাই সন্দেহজনক একাংশ অৰুণাচলীয়ে অৰুণাচলী এটা সংগঠনৰ নামত বিশ্বনাথৰ গহপুৰ বিধান সভা সমষ্টিৰ কেইবাখনো গাঁৱত সংগঠনৰ প’ষ্টাৰ আঁৰি থৈ যায় (Arunachali postaring at Gohpur)৷
বিশেষকৈ গহপুৰ সমষ্টিৰ ডফলাগড়, উত্তৰ কাৰিবিল, নলিনীবাৰী, মংগলবৰীয়া আদি গাঁৱত অৰুণাচলী সংগঠনৰ নাম লিখা প’ষ্টাৰিং দেখিবলৈ পোৱা গৈছে ৷ যাক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ‘‘অৰুণাচল কা জেগা হয়, জল্ডি খালি কৰিবি, অসম ফৰেষ্ট বেয়া কাম নাই কৰিবি’’ আদি শ্ল’গান লিখা আছে এই বেনাৰত । আনকি বেনাৰসমূহত ABPF বুলি এটা সংগঠনৰ নামো উল্লেখ কৰা আছে ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল চিংলিজান বনাঞ্চল পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্ব আৰু অসম অৰুণাচল সীমা পৰা প্ৰায় ১০ কিলোমিটাৰ অসমৰ ৰাজহ গাঁৱত এই পোষ্টাৰসমূহ লগোৱা দেখা গৈছে । ইতিমধ্যে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা আৰু হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প’ষ্টাৰসমূহ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷