অসম

assam

ETV Bharat / videos

Assam Arunachal Border Dispute : আঞ্চলিক সমিতিৰ বৈঠক সন্দৰ্ভত কি ক'লে অৰুণাচলৰ মন্ত্ৰীয়ে ? - Minister level discussion on border dispute

By

Published : Oct 12, 2022, 9:45 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ (Assam Arunachal Border Dispute) নিষ্পত্তিৰ বাবে দুয়োখন চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰিত অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হয় (Meeting between Ministers of Assam and Arunachal) । বৈঠকত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে অসমৰ চৰাইদেউ জিলাৰ সীমামূৰীয়া গাঁও ক্ৰমে, হাছে ৰুছা, টাংলাম ৰুছা আৰু কামকোহ ৰুছা গাঁওৰ সমস্যা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয় (Assam Arunachal border dispute area)। সেই বৈঠকত অংশ লৈ অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডামে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সংবাদ মাধ্যমৰ তেওঁ কয় দুয়োখন ৰাজ্যৰ যুটীয়া আঞ্চলিক সমিতিৰ বৈঠকত লোৱা প্ৰস্তাৱসমূহ দুয়োখন ৰাজ্যৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব । পৰৱৰ্তী সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'ব বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে এই বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বৰা, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details