Assam cop kills retired police officer: অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ শেষকৃত্য সম্পন্ন - Amulya Barua Last rites performed in Dhemaji
ধেমাজিৰ মাছখোৱাত অসম আৰক্ষীৰ ASI গুলীত নিহত অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া দেওবাৰে সম্পন্ন কৰা হয়(Assam Police ASI killed ex SP with service pistol) ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে আজি অৰুণাচল আৰক্ষীৰ এটা দল তেওঁৰ ধেমাজি নগৰস্থিত বাসগৃহতত উপস্থিত হয় ৷ অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা 30 জনীয়া আৰক্ষীৰ দলটোৱে প্ৰাক্তন বিষয়াগৰাকীৰ মৃতদেহত আৰক্ষীৰ নিয়মেৰে শেষ বিদায় দিয়ে ৷ ইয়াৰ পাছতেই অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীৰ জন্মগাঁও মাছখোৱাৰ দেউঘৰীয়া গাঁৱত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সৎকাৰ কৰা হয় মৃতদেহ(Arunachal Ex SP killed) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST