বিশিষ্ট শিল্পী ভৱেশ গোস্বামীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ ডিব্ৰুগড় - dibrugarh latest news
Published : Dec 4, 2023, 2:35 PM IST
ডিব্ৰুগড়, 4 ডিচেম্বৰ: বিশিষ্ট শিল্পী, সংগীতজ্ঞ, সুৰকাৰ ভৱেশ গোস্বামীয়ে সামৰিলে জীৱন নাট । বিখ্যাত এক’ৰ্ডিয়ান বাদক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিষ্ঠিত শিল্পী তথা সংগীত প্ৰযোজক, সুৰকাৰ ভৱেশ গোস্বামী দীৰ্ঘদিন ধৰি শয্যাগত হৈ আছিল আৰু শয্যাগত অৱস্থাতে শিল্পীগৰাকীয়ে দেওবাৰৰ নিশা ডিব্ৰুগড় জিলাৰ নালিয়াপুলৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত ইহসংসাৰত পত্নীসহ এটি কণমানি পুত্র সন্তানক এৰি থৈ যায় ।
ড০ ভূপেন হাজৰিকাই 1957 চনতে প্ৰতিষ্ঠা কৰা ৰাজ্যৰ বিখ্যাত সাংস্কৃতিক অনুষ্ঠান মঞ্চৰূপাৰ প্ৰাক্তন সভাপতি আছিল ভৱেশ গোস্বামী । 60 দশকৰ ৰাজ্যৰ বিখ্যাত মিউজিক বেণ্ড 'দ্যা কুইভাৰ্ছ’ৰ এজন সক্ৰিয় সদস্য আছিল প্ৰয়াত শিল্পীগৰাকী । শিল্পী ছৈয়দ চাদুল্লাহ, অভিনেতা প্ৰয়াত বিজু ফুকন, নাট্যকাৰ হেমন্ত দত্তও জড়িত আছিল দ্যা কুইভাৰ্ছ বেণ্ডৰ সৈতে ৷
ডিব্ৰুগড়ৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত হৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে প্ৰয়াত গোস্বামীয়ে । শিল্পীজনক শেষ শ্ৰদ্ধা জনাবলৈ ডিব্ৰুগড়ৰ নালিয়াপুলৰ নিজা বাসভৱনত অজস্ৰ গুণমুগ্ধই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে । শিল্পী চৈয়দ চাদুল্লাহ, বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে আদি কৰি বহুজনে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনায় ৷ গোস্বামীৰ মৃত্যু অসমীয়া সমাজৰ জীৱনৰ বৃহৎ ক্ষতি বুলি উল্লেখ কৰে ।
লগতে পঢ়ক:দাউদাউকৈ জ্বলিল বাসগৃহ; কথমপি প্ৰাণ ৰক্ষা এটি কণমাণিৰ