অসম

assam

পথত একাঠু পানী

ETV Bharat / videos

Artificial flood: মহানগৰীৰ বাট পথত একাঠু পানী;বিদ্যালয় বন্ধ ঘোষণা SFS স্কুল কৰ্তৃপক্ষৰ - গুৱাহাটীত বান

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 12:13 PM IST

গুৱাহাটী,৬ অক্টোবৰ : বাৰিষাৰ পূৰ্বে মহানগৰীৰ বাট-পথ নিৰ্মাণ, মেৰামতিৰ লগতে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ আন আন ঠাইৰ লগতে পাথৰকোৱেৰী সাতগাঁও সংযোগী পথত কৃত্ৰিম বানৰ সৃষ্টি হয় । বিশেষকৈ সাতগাঁও এছ এফ এছ(SFS) স্কুলৰ পৰা সাতগাঁও ৰেল লাইন পৰ্যন্ত প্ৰায় ১ কিলোমিটাৰ পথ একাঠু পানীৰে উপচি পৰাত পথচাৰীসকলৰ লগতে যান-বাহন চালকসকল যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । মাজতে একাংশ লোকে হাতত চেণ্ডেল, জোতা লৈ খোজকাঢ়ি পথটো অতিক্ৰম কৰিবলৈ বাধ্য ৷

বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাই বিদ্যালয়লৈ বুলি ওলাই আহি কৃত্ৰিম বানৰ বাবে আহুকালৰ সন্মুখীন হ’ব লগা হয় । এনে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে এদিনৰ বাবে স্কুল বন্ধ ঘোষণা কৰে SFS স্কুল কৰ্তৃপক্ষই । মন কৰিবলগীয়া কথা, এই যে পাথৰকোৱেৰী-সাতগাঁও সংযোগী পথৰ গাতে আছে বিদ্যালয়খন । ইফালে পাথৰকোৱেৰী সাতগাঁও সংযোগী মূল পথচোৱা জলমগ্ন হৈ পৰাত ইয়াৰে সুবিধা গ্ৰহণ কৰে একাংশ ৰিক্সা চালকে । জলমগ্ন পথচোৱা পাৰ কৰি দিয়াৰ বিনিময়ত পথচাৰীৰ পৰা ৫০ পৰা ১০০ টকা পৰ্যন্ত আদায় লয় তেওঁলোকে । মূলত: নলাৰ সমস্যাৰ বাবেই বৰষুণৰ পানী ওলাই যাব নোৱাৰি এজাক বৰষুণৰ পিচতে পথচোৱা জলমগ্ন হৈ পৰে বুলি ভুক্তভোগী স্থানীয় বাসিন্দাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।

লগতে পঢ়ক :Artificial flood in Guwahati: কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম

ABOUT THE AUTHOR

...view details