অসম

assam

চিলাপথাৰ নগৰৰ পৰা জোনাই সংযোগী পথ পৰ্যবসিত বৃহৎ পুখুৰীলৈ

ETV Bharat / videos

Artifical flood in Dhemaji: চিলাপথাৰ নগৰৰ পৰা জোনাই সংযোগী পথত পুখুৰী সদৃশ গাঁত

By

Published : Jul 11, 2023, 1:18 PM IST

ধেমাজি, 11 জুলাই : ধেমাজি জিলাৰ অন্যতম ব্যস্ত ব্যৱসায়িক নগৰী চিলাপথাৰৰ মূল পথত কৃত্ৰিম বান ৷ বিশেষকৈ অতি ব্যস্ত চিলাপথাৰ নগৰৰ পৰা জোনাই সংযোগী পথটো মেৰামতিৰ অভাৱত অতিশয় বিপদজনক হৈ পৰিছে ৷ কাৰণ দুই এজাক বৰষুণ দিলেই নগৰখনৰ গুৰুত্বপূৰ্ণ পথটো পানীৰে উপচি পৰে ৷

ফলত পথত সৃষ্ট দ’ গাঁতবোৰ একো একোটা বৃহৎ পুখুৰীলৈ পৰিণত হয় । উক্ত পথটোৰে আহ-যাহ কৰোতে যিকোনো মুহূৰ্ততে যিকোনো আৰোহীয়ে বিপদত পৰাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷ কিন্তু এইক্ষেত্ৰত নগৰ সমিতি অথবা সমষ্টিটোৰ বিধায়কগৰাকীৰ গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ৷ ৷ ফলস্বৰূপে অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে চিলাপথাৰ নগৰবাসীয়ে ৷ উল্লেখ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ মনোযোগিতাৰ অভাৱত কেইবাটাও ৱাৰ্ডৰ আৱাসিক এলেকাবোৰ এজাক বৰষুণতে ডুব যায় ৷ 

লগতে পঢ়ক :Civil hospital of Jonai : জোনাইত ফুটুকাৰ ফেনত পৰিণত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি

ABOUT THE AUTHOR

...view details