অসম

assam

নগাঁৱত কল্লোলৰ চিত্ৰ প্ৰদৰ্শনী

ETV Bharat / videos

নগাঁৱত কল্লোলৰ উদ্যোগত চিত্ৰ প্ৰদৰ্শনী - Sculptor Biren Singh

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:29 PM IST

নগাঁও, ২৪ নৱেম্বৰ:মধ্য অসমৰ অন্যতম সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত হয় চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান । নগাঁৱৰ কল্লোল চিত্ৰাংকন বিদ্যালয়ত শুক্ৰবাৰে বহু বিশিষ্ট চিত্ৰশিল্পীৰ স্মৃতিত অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ উদ্ধোধন কৰে ভাস্কৰ্যশিল্পী বীৰেন সিংহই । লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে।  

উল্লেখ্য যে ১৯৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে অৰ্ধশতক সম্পূৰ্ণ কৰাত এক দীঘলীয়া যাত্ৰা আগত ৰাখি কল্লোল চিত্ৰাংকন বিদ্যালয়খনে উঠি অহা প্ৰজন্মৰ বাবে চিত্ৰশিল্পৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটোৰ আয়োজন কৰিছে । ইয়াৰ সমান্তৰালভাৱে বহুতো প্ৰতিষ্ঠিত চিত্ৰশিল্পীয়ে এই বিদ্যালয়খনৰ পৰাই শিক্ষা লাভ কৰি অসমৰ লগতে দেশ বিদেশত নাম উজলাবলৈ সক্ষম হৈছে ।  

কল্লোল সাংস্কৃতিক গোষ্ঠীয়ে কেৱল চিত্ৰশিল্পীৰ জগতখনতেই নহয় নগাঁও সমাজ জীৱনৰ লগতে সাংস্কৃতিক পথাৰখনৰো ভঁৰাল চহকী কৰিবলৈ সক্ষম হৈছে । লগতে প্ৰায় ছয় শতাধিক ছাত্ৰ ছাত্ৰীয়ে আজি কল্লোলৰ এই চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:দুখন বাহন, একেটাই পঞ্জীয়ন নম্বৰ : উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিল পৰিবহন বিভাগ

ABOUT THE AUTHOR

...view details