অসম

assam

নিখিল ৰাভা ছাত্ৰ সন্থা

ETV Bharat / videos

Constituency delimitation: বকো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণক আদৰণি আৰছুৰ - Constituency delimitation

By

Published : Jun 24, 2023, 4:40 PM IST

বকো, ২৪ জুন: ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে । ৰাজ্য়ৰ বিভিন্ন ঠাইত ইতিমধ্য়ে ইয়াকে কেন্দ্ৰ কৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । একাংশই ইয়াক আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই ইয়াৰ বিৰোধিতাও কৰিছে । ইয়াৰ ভিতৰত নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ।  

বকোত আৰছুকে ধৰি সহযোগী ৰাভা সংগঠনে শনিবাৰে এক সংবাদমেল সম্বোধন কৰে । নিৰ্বাচনী খচৰাৰ তালিকাত ৪৮ নং বকো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । এই সংৰক্ষণক আদৰণি জনাইছে ৰাভা ছাত্ৰ সন্থাকে ধৰি ৰাভা মহিলা পৰিষদ, ৰাভা হাছং ষষ্ঠ অনুসূচি দাবী সমিতি, ৰাভা জাতীয় পৰিষদ, ৰাভা কৃষ্টি পৰিষদ আৰু ৰাভা সাহিত্য পৰিষদে। যৌথভাৱে আয়োজন কৰা সংবাদমেল যোগে ভাৰতীয় নিৰ্বাচন আয়োগ তথা অসম চৰকাৰক তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।  

উল্লেখ্যে যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বকো, দুধনৈ, পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিক খচৰা তালিকাত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণক আদৰণি জনায় । আনহাতে ,ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক অনতি পলমে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি নকৰিলে ৰাভা সংগঠনে আগন্তুক লোকসভা  নিৰ্বাচনত ৰাজনৈতিক শক্তি প্ৰদৰ্শন কৰাৰ হুংকাৰ দিয়ে । উল্লেখযোগ্য যে পলাশবাৰী, বকো, দুধনৈ, পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ অধীনত আছে ।  

লগতে পঢ়ক:Assam Flood: বানৰ কবলত ৰাজ্যৰ ১৩ হাজাৰ হেক্টৰ কৃষি ভূমি; শাক-পাচলিৰ অভাৱনীয় দামবৃদ্ধি

For All Latest Updates

ABOUT THE AUTHOR

...view details