Flood in Teok: টীয়ক নদীৰ বাঢ়নী পানীয়ে ছিঙিলে দুটাকৈ মথাউৰি - Teok
টীয়ক,27 জুন: ৰাজ্যত অব্যাহত বানৰ বিভীষিকা ৷ হঠাৎ টীয়ক নদীৰ বাঢ়নি পানীত বুৰ গ’ল টীয়কৰ বলমাপথাৰ, পলাশবাৰী, কাঞ্চন চাপৰি, জামুগুৰি আদিকে কৰি কেইবাখনো গাঁও ৷ ইফালে টীয়কৰ হালোৱাপথাৰ আৰু খনিকৰ বাগিচাত টীয়ক নদীৰ বাঢ়নি পানীয়ে ছিঙিলে মথাউৰীৰ দুটা অংশ ।
ইতিমধ্যে জিলা প্ৰশাসনৰ হৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ টীয়ক নদীৰ বাঢ়নী পানীৰ ফলত ছিগা মথাউৰীৰ দুটা অংশ নিৰ্মাণৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
ইপিনে নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলতে হুৰাহুৰে বাঢ়ি আহিল টীয়ক নদীৰ জলস্তৰ ৷ ‘বাঢ়নী পানীয়ে মথাউৰীৰ দুটাকৈ অংশ ভাঙি পেলাইছে যদিও এই পৰ্যন্ত বাঢ়নী পানীৰ ফলত ৰাইজৰ বিশেষ অসুবিধা হোৱা নাই ৷ অনতি পলমে মথাউৰীৰ মেৰামতি কাম সম্পূৰ্ণ কৰা হ’ব’ বুলি জানিবলৈ দিছে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ।
লগতে পঢ়ক:Court Employees Protest at TSK: ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ ৰাজ্যৰ ন্যায়িক আদালত