অসম

assam

সামৰিক মৰ্যাদাৰে শেষ বিদায় জনালে জোৱান টংকেশ্বৰ দাসক

ETV Bharat / videos

CRPF Juwan died: সামৰিক মৰ্যাদাৰে শেষ বিদায় জনালে CRPF জোৱান টংকেশ্বৰ দাসক

By

Published : Jul 22, 2023, 7:22 PM IST

যোৰহাট,22 জুলাই: দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান টংকেশ্বৰ দাস নশ্বৰ দেহ পালেহি অসম ৷ যোৰহাটৰ মৰিয়নি স্থিতিত নতুন মাটিৰ বাহগৃহত বীৰ জোৱান টংকেশ্বৰ দাস নশ্বৰ দেহ পোৱাৰ পাচতে শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত ৷ শনিবাৰে বিশেষ বিমানযোগে কাশ্মীৰৰ অনঃন্তনাগ জিলাৰপৰা যোৰহাটলৈ লৈ অনা হয় টংকেশ্বৰ দাসৰ নশ্বৰ দেহ। তাৰ পাচতে তিতাবৰৰ খৰিকটীয়াৰ জন্মস্থানত শেষকৃত্য সম্পন্ন কৰা হয় বীৰ জোৱানজক ।

শুকুৰবাৰে সামৰিক মৰ্যাদাৰে শেষকৃত সম্পূৰ্ণ কৰাৰ হয় CRPF জোৱান টংকেশ্বৰ দাসৰ নশ্বৰ দেহ ৷ উল্লেখ্য যে শুকুৰবাৰে জন্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত জোৱান টংকেশ্বৰ দাসৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ কাশ্মীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল ৷ মৰিয়নিৰ নতুন মাটি নিৱাসী টংকেশ্বৰ দাসে মৃত্যু সময়ত এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা পত্নী লগতে পিতৃ মাতৃক এৰি থৈ যায় ।

লগতে পঢ়ক:Army jawan from Assam dies in Kashmir:কাশ্মীৰত কৰ্মৰত অৱস্থাত মৃত্যু মৰিয়নীৰ CRPF জোৱানৰ

ABOUT THE AUTHOR

...view details