Joining program in AAP; বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়াটো এটা অদৰকাৰী বিষয় : আপ - Bhaben Choudhari slams Himanta Biswa Sarmah
তেজপুৰ,১০ এপ্ৰিল: "মানুহে গোঁফ ৰাখি, নখ, চুলি দীঘল কৰিও বিশ্ব ৰেকৰ্ড গঢ়ে, এইটো সাধাৰণ কথা । বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়ি কি লাভ হ’ব ? বিশ্ব ৰেকৰ্ড গঢ়িব লাগিছিল স্বাস্থ্য-শিক্ষাৰে ৷ কিন্তু এতিয়া বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়াটো এটা অদৰকাৰী বিষয় ।" এই মন্তব্য আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি ড৹ ভবেন চৌধুৰীৰ । সোমবাৰে তেজপুৰত এখন কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে (Bhaben Choudhari slams Bihu World record) ।
তেওঁৰ মতে এইটো এটা অপ্ৰয়োজনীয় কথা আৰু চৰকাৰে এতিয়া অসমৰ বিহু পণ্য সামগ্ৰীলৈ পৰিণত কৰা বুলি মন্তব্য কৰে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া বিহু চাবলৈ টিকট কাটি চাবলৈ বাধ্য কৰিছে (Bhaben Choudhari slams Himanta Biswa Sarmah) । বিহুৰ জৰিয়তে উপাৰ্জনৰ দুৱাৰ মুকলি কৰি পণ্য সামগ্ৰী দৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপিত কৰে ।
উল্লেখ্য যে, আপৰ সভাপতিগৰাকীৰ উপস্থিতিত তেজপুৰত দৰং মহাবিদ্যালয়ৰ একাংশ ছাত্ৰই তেওঁলোকৰ আপৰ ছাত্ৰ সংগঠনত যোগদান কৰে (Joining program in AAP) । আনহাতে, বিজেপি আৰু কংগ্ৰেছৰ একাংশ লোকে আপত যোগদান কৰে ।
লগতে পঢ়ক:Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন