অসম

assam

APLA Cadre to Surrender

ETV Bharat / videos

APLA Cadre to Surrender : আত্মসমৰ্পণৰ বাবে সাজু উগ্ৰপন্থী সংগঠন আপলাৰ ৪০ জন সদস্য - APLA cadre to surrender

By

Published : Jul 13, 2023, 2:05 PM IST

তিতাবৰ, ১৩ জুলাই : আদিবাসী উগ্ৰপন্থী সংগঠন আপলাৰ সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া দলৰ আত্মসমৰ্পণৰ প্ৰস্তুতি । ম্যানমাৰ সীমান্তৰ পৰা নাগালেণ্ড হৈ মেৰাপানী সীমান্তত অস্ত্ৰ-শস্ত্ৰসহ বাহৰ পাতি থকা দলটোৱে ইতিমধ্যেই যোৰহাটৰ সেনা ছাউনিত অৱস্থান কৰাৰ তথ্য সদৰী কৰিছে আপলাৰ আত্মসমৰ্পণকাৰী সেনাধ্যক্ষ চাহিল মুণ্ডাই । যোৰহাটত আৰক্ষী আৰু সেনাৰ সহযোগত ম্যানমাৰৰ পৰা অহা ৩৭ জনীয়া কেডাৰসহ আন একাংশ সদস্যই বাহৰ পাতিছে ।

দলটোৱে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জমা দিব বুলি সদৰী কৰিছে চাহিল মুণ্ডাই । ইতিমধ্যেই কেডাৰসকলক চিনাক্তকৰণৰ বাবে চাহিল মুণ্ডাসহ একাংশ আত্মসমৰ্পণকাৰী কেডাৰ ৰাওনা হৈছে যোৰহাটলৈ । উল্লেখ্য যে আদিবাসী উগ্ৰপন্থী সংগঠন 'আনলা'ৰ পৰা ২০১৯ চনত পৃথক হৈ চাহিল মুণ্ডাৰ নেতৃত্বত 'আপলা' নামৰ উগ্ৰপন্থী সংগঠনৰ জন্ম দিছিল । ইফালে ২০২২ চনত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনামৰ্মে পাঁচটাকৈ আদিবাসী সংগঠনে আত্মসমৰ্পণ কৰি শান্তি আলোচনালৈ আগবাঢ়িছিল ।

কিন্তু ইয়াৰ মাজতে ম্যানমাৰত এনএছচিএন (কে)ৰ সৈতে শিবিৰত থকা আপলাৰ ৩৭ জনীয়া দলটো মুখ্য দলটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পিছত অৱশেষত আহি মেৰাপানী সীমান্তৰ নাগালেণ্ডত আত্মসমৰ্পণৰ বাবে বাহৰ পাতি আছিল । অৱশেষত অস্ত্ৰ এৰি মূল সুঁতিলৈ ঘূৰি অহা কেডাৰসকলে আত্মসমৰ্পণ কৰিব ।

লগতে পঢ়ক :Ghograpar Police station case: ঘগ্ৰাপাৰ কাণ্ডৰ কিশোৰী পলুৱাই নিয়া যুৱকক জেললৈ নিক্ষেপ

ABOUT THE AUTHOR

...view details