অসম

assam

Price Hike in Assam

ETV Bharat / videos

Price Hike in Assam: দাম বৃদ্ধিৰ বাবে উশাহ ল’ব নোৱাৰা হ’ব জনসাধাৰণে; ৰাণা গোস্বামী - APCC working president Rana Goswami

By

Published : Jul 28, 2023, 3:26 PM IST

যোৰহাট, 28 জুলাই:গৰু, কাঠ, কয়লা, পান আৰু ছুপাৰী চিণ্ডিকেটত চলিছে বিজেপি নেতৃত্ব ৷ বিজেপি চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ, অন্যান্য চিকিৎসা সামগ্ৰীত অত্যাধিক হাৰত কৰ আৰোপ কৰাৰ ফলতেই এতিয়া সাধাৰণ ৰাইজে দুৰ্বিষহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে, কাৰণ আৰু কেইটামান দিনৰ পিচত উশাহ ল'ব নোৱাৰা হ'ব জনসাধাৰণ । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷  

শুকুৰবাৰে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, ‘‘এইখন চৰকাৰে সমগ্ৰ ৰাজ্যত চিণ্ডিকেট বন্ধ কৰা বুলি এক মিছা শ্ল’গান দিছে ৷ বিজেপি চৰকাৰৰ নেতৃত্বত সমগ্ৰ ৰাজ্যত গৰু, কাঠ, কয়লা, চুপাৰী আদিৰ চিণ্ডিকেট চলি আছে; সেয়া আজি সকলোৱে বুজি পাইছে ৷ ফলত এতিয়া চাউলৰ পৰা শাক-পাচলিলৈকে সকলোতে দামবৃদ্ধি হৈছে ৷’’

উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটত যোৰহাট জিলা কংগ্ৰেছে দামবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে ৷ যোৰহাট জিলা কংগ্ৰেছে যোৰহাট উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লগতে পঢ়ক:FIR Against Bhupen Bora : বহুৱা আখ্যা দি ভূপেন বৰাৰ বিৰুদ্ধে হাতত এজাহাৰ লৈ কলিয়াবৰত সত্যৰঞ্জন

ABOUT THE AUTHOR

...view details