Karnataka Model in Assam: কংগ্ৰেছ চৰকাৰ আহিলে কৰ্ণাটক চৰকাৰৰ মডেলৰ দৰে হ’ব অসমত চৰকাৰ; ভূপেন বৰা - বাগানে বাগানে কংগ্ৰেছ
Published : Sep 5, 2023, 8:47 PM IST
ডিব্ৰুগড়, ৫ ছেপ্টেম্বৰ:মৰাণত মঙলবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । মৰাণ চাহ বাগিচাত চাইকেল চলাই বাগিচাৰ শ্ৰমিক সকলৰ দুখ দুৰ্দশাৰ কথা বুজ লয় ভূপেন বৰাই । উল্লেখ্য যে, বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰাণৰ চাহ বাগিচাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷
মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰে ভূপেন বৰাই । অসম চৰকাৰৰ দ্বাৰা বাগিচাৰ শ্ৰমিকসকলৰ বাবে দিয়া আঁচনিবোৰ শ্ৰমিকসকলে কেনেদৰে উপভোগ কৰিবলৈ সক্ষম হৈছে তাৰ বুজ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসম চৰকাৰৰ দ্বাৰা বাগিচাৰ শ্ৰমিকসকলৰ বাবে দিয়া আঁচনিবোৰ প্ৰহসনত পৰিণত হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ কয়, অসম চৰকাৰৰ উজ্বলা আঁচনিখন নজ্বলা আঁচনি ।
নিৰ্বাচন আহিলে এমাহৰ বাবে চিলিণ্ডাৰৰ দাম কমাই দিয়া বিজেপি চৰকাৰে কেৱল ভোটৰ স্বাৰ্থতহে বাগিচাৰ মানুহক চিনি পায় বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে কংগ্ৰেছে বাগিচাৰ ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল'ব জানে । লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, অসমত কংগ্ৰেছ চৰকাৰ আহিলে কৰ্ণাটক চৰকাৰৰ মডেলৰ দৰে অসমত চৰকাৰ চলোৱা হ'ব । ২০০ ইউনিট বিদ্যুৎ ফ্ৰি পাব অসমৰ ৰাইজে । বিজেপিয়ে ডাবোল ইঞ্জিন চৰকাৰ চলোৱাৰ পাচতো চাহ বাগিচাৰ শ্ৰমিক, দুখীয়া ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰিব পৰা নাই ।
লগতে পঢ়ক:Bagane Bagane Congress: সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সমষ্টিক অপসংস্কৃতিয়ে গ্ৰাস কৰিছে; ভূপেন বৰা