Bhupen Borah in Dhemaji : বিজেপিয়ে এতিয়া ওৱাদিহ নোপোৱা হৈছে; ভূপেন বৰা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
Published : Sep 2, 2023, 10:52 PM IST
ধেমাজি, 2 ছেপ্টেম্বৰ : "মহাৰাষ্ট্ৰত বিৰোধী মিত্ৰজোঁট INDIA ৰ সভা অনুষ্ঠিত হৈ যোৱাৰ পাছত বিজেপি থৰহৰি কম্পমান হৈ পৰিছে ৷ বিজেপিয়ে এতিয়া ওৱাদিহ নোপোৱা অৱস্থা ৷ সেইকাৰণে তেওঁলোকে এতিয়া কৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ শনিবাৰে ধেমাজিত উপস্থিত হৈ এই মন্তব্য কৰে নেতাজনে ৷
তেওঁ কয় যে, সকলো বিজেপি বিৰোধী একত্ৰিত হোৱাৰ পাছত বিজেপিৰ যিটো থৰ-কাছুটি হেৰাইছে, সেইবাবে তেওঁলোকে পলোৱাৰ এটা পথ বিচাৰিছে যে কোনোবা ফালেদি সৰকি ক্ষমতালৈ আহিব পাৰে নেকি ৷ বিভিন্ন জল্পনা-কল্পনা তেওঁলোকে কৰি আছে ৷ কিন্তু যিয়েই জল্পনা-কল্পনা নকৰক কিয়, দেশৰ, অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৷ সেয়েহে এইবাৰৰ নিৰ্বাচন চ’ছিয়েল মিডিয়াত হ’ব, যুৱ প্ৰজন্মই খেলিব আৰু যুৱ প্ৰজন্মই বিজেপি চৰকাৰৰ পতন ঘটাব বুলি কয় তেওঁ ৷
শনিবাৰে ধেমাজিৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ এক কৰ্মশালা অনুষ্ঠিত হয় ৷ শনিবাৰে দুলীয়াজানলৈ যোৱাৰ পথত ইন্দিৰা ভৱনত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক সাক্ষাৎৰ বাবে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷
লগতে পঢ়ক :Silsako Eviction: ক্ষমতাশালী চক্ৰৰ ব্যৱসায়িক স্বাৰ্থত শিলসাঁকোত উচ্ছেদ চলোৱা হৈছে; লুৰীণজ্যোতি গগৈ