অসম

assam

অসমত মণিপুৰ সদৃশ উত্তপ্ত পৰিস্থিতি হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে - ভূপেন বৰা

ETV Bharat / videos

Constituency delimitation 2023: অসমত মণিপুৰ সদৃশ উত্তপ্ত পৰিস্থিতি হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে - ভূপেন বৰা - protest against Constituency delimitation 2023

By

Published : Jun 26, 2023, 5:40 PM IST

মঙলদৈ, 26 জুন :"অসমৰ মুখ্যমন্ত্ৰীৰ আসনত এতিয়া কুম্ভকৰ্ণ বহিছে ৷ বৰাকত ক্ষোভৰ দাবানলে চৰম পৰ্যায় পাইছে, ফলত 25 জুনত আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰিবলৈ বাধ্য হৈছে ৷ মোৰ সন্দেহ হৈছে কুকি উগ্ৰপন্থীৰ সৈতে মিলি মুখ্যমন্ত্ৰীয়ে অসমতো মণিপুৰৰ দৰে পৰিস্থিতি হোৱাটো বিচাৰিছে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া কৈছে মই একো দেখা নাই, শুনা নাই, তাৰ মানে মুখ্যমন্ত্ৰীয়ে ক’ব বিচাৰিছে যে আৰু উত্তপ্ত কৰি দিয়া ৰাজ্যখন ৷ মুখ্যমন্ত্ৰীৰ অনুগতশীল তোষামোদকাৰী কিছু ব্যক্তি বিশেষৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষা কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীৰ ক্ষমতাৰ ব্যৱহাৰ কৰিছে ৷ কেন্দ্ৰত ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিচতো তেওঁ উন্নয়ন কৰিব পৰা নাই, মুখ্যমন্ত্ৰীয়ে ধাৰ কৰি চৰকাৰ চলাইছে ৷ মুখ্যমন্ত্ৰীয়ে বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গাপ দি থৈ দিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত লগ হৈ নিজ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ৷ অসমৰ মানুহে এনে এখন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বিচাৰে যাৰ মাধ্যমেৰে অসমৰ বিধানসভাৰ আসন বৃদ্ধি হ’ব ৷" সোমবাৰে দৰং জিলাৰ মঙলদৈৰ এক দলীয় সভাত বৈঠকত মিলিত হ’বলৈ উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 

লগতে পঢ়ক:Manipur violence : মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সামাজিক সংগঠন-ধৰ্মীয় নেতাৰ ওচৰলৈ যাব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details