অসম

assam

বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে : ভূপেন বৰা

By

Published : May 13, 2023, 10:10 PM IST

ETV Bharat / videos

Karnataka Election Results: কৰ্ণাটকত ন্যায়ৰ সপক্ষে জনতাৰ ৰায়দান : ভূপেন বৰা

তেজপুৰ, ১৩ মে’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একনায়কতত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । আজি দেশৰ হকে তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora on Karnataka Election Results)৷

তেওঁ কয় যে ন্যায়ৰ সপক্ষে ভগবান আছে; বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে এয়া জনতাৰ ৰায়দান । তেওঁ আৰু কয়, ‘‘কৰ্ণাটকত এয়া মাথোঁ আৰম্ভণি ৷ বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে ৷ আগন্তুক দিনত ৰাইজে এনেধৰণেই বিজেপিৰ বিৰুদ্ধে ৰায়দান দিব’’ (Karnataka Election Results 2023) ।

তেওঁ আৰু কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত ষ্টাৰ কোম্পেইনাৰ হিচাবে গৈ NRC ৰ প্ৰসংগত যি মিছা মাতিলে সেয়া ৰাইজে বুজিলে ৷ তেওঁ প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিলে । ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি থকালৈকে বদৰুদ্দিন আজমলৰ সৈতে কেতিয়াও মিত্ৰতা নহয়’’ ৷

তেওঁ কয়, ‘‘কৰ্ণাটকত এইবাৰ নিৰ্বাচনত ১ লাখ অসমীয়া ভোটাৰে ভোট দান কৰিছে ৷ তেওঁলোকৰ আত্মীয় কমেও ১০ লাখ অসমত আছে । এই ১০ লাখ ভোট কংগ্ৰেছে অসমত পাব’’ । উল্লেখ্য যে, শনিবাৰে তেজপুৰৰ মহাভৈৰব মন্দিৰত পত্নীসহ উপস্থিত হৈ কৰ্ণাটকৰ নিৰ্বাচনৰ ভাল ফলাফলৰ বাবে পূজা অৰ্চনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora in Tezpur) । তেওঁৰ লগত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিসহ কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়া ।

লগতে পঢ়ক :Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details