অসম

assam

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে প্ৰস্তুতি তুংগত প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat / videos

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে প্ৰস্তুতি তুংগত প্ৰদেশ কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 8:02 PM IST

আমগুৰি, 13 জানুৱাৰী : এফালে 11 বছৰীয়া সম্পৰ্ক চেদ কৰি শনিবাৰে কংগ্ৰেছৰ পৰা বিদায় ল'লে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ আনফালে বহু প্ৰত্যাহ্বান নেওচি ৰাহুল গান্ধীৰ নেতৃত্বত অসমত হ’ব লগা ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তোলাৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ প্ৰস্তুতি তুংগত কৰি তুলিছে প্ৰদেশ কংগ্ৰেছে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে বৰ্তমান শিৱসাগৰত কি পৰ্যায়ত প্ৰস্তুতি চলিছে, যাত্ৰাৰ সময়ত দলীয় কৰ্মীৰ কৰণীয় বিষয়ৰ সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে আমগুৰিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক দলীয় সভা ৷ উক্ত সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ৷

18 জানুৱাৰীৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনাই বৰাই ৷ হালোৱাটিঙৰ পৰা প্ৰায় 13 কিঃমি যাত্ৰাৰ সময়ত 10 হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক :চাৰিলেনযুক্ত পথ নিৰ্মাণত লেহেমীয়া গতিৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details