Protest at chachal :মিছন ভূমিপুত্র আঁচনি শীঘ্ৰেই বাতিল কৰাৰ দাবীত চচলত প্ৰতিবাদ - চচলত প্ৰতিবাদ
Published : Sep 22, 2023, 7:17 PM IST
গুৱাহাটী, ২২ ছেপ্টেম্বৰ : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত চচলত পুনৰ প্ৰতিবাদত বহিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম ৷ সংগঠনটোৰ উদ্যোগত শুকুৰবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত বিসংগতিপূর্ণ 'মিছন ভূমিপুত্র' আঁচনি শীঘ্ৰে বাতিল কৰা, অনুসূচীত জাতিৰ বেকলগ পদ পূৰণ আদিকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদকাৰী সকলে অনুসূচিত জাতিৰ ছাত্ৰ জলপানিৰ পৰিমাণ ১০০% বৃদ্ধি কৰি নিয়মীয়াকৈ আদায় দিয়া, অনুসূচিত জাতি-জনজাতিৰ বিষয়া-কৰ্মচাৰীৰ পদোন্নতিত জ্যেষ্ঠতাৰ ধাৰাবাহিকতা বাহাল ৰখা, অনুসূচিত জাতিৰ বেকলগ পদ পূৰণৰ বাবে শীঘ্ৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷
অহা সাত দিনৰ ভিতৰত চৰকাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যবস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে ৰাজপথ অৱৰোধ, ৰে’ল পথ অৱৰোধ তথা জনতা ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হব বুলি চৰকাৰক সকীয়াই দিয়ে ৷
লগতে পঢ়ক :Womens Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া