Anti-drug awareness programme: ডিফুত ড্ৰাগছ বিৰোধী সজাগতা সভা - De Addiction Rehabilitation and Wellness Centre
Published : Oct 10, 2023, 9:34 PM IST
ডিফু,১০ অক্টোবৰ: অসমত চৰকাৰে বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে অবিৰত অভিযান চলোৱাৰ পিছতো একাংশ মুনাফালোভী ড্ৰাগছ মাফিয়াৰ চক্ৰবেহুত পৰি ক্ৰমান্বয়ে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ তিল তিলকৈ নিশ্চিত মৃত্যুৰ দিশে আগুৱাই গৈছে বৰ্তমানৰ নৱ প্ৰজন্মই ৷ ফলত আৰক্ষীৰ নিৰন্তৰ অভিযানৰ পিছতো বন্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰীসকলৰ দৌৰাত্ম্য ৷ আনহাতে ড্ৰাগছ আসক্ত নৱ প্ৰজন্মক ড্ৰাগছৰ কঁৰাল গহ্বৰৰ পৰা উদ্ধাৰ কৰিবলৈ ওলাই আহিছে গুৱাহাটীৰ এক স্বেচ্ছাসেৱী সংগঠন 'ৰিক'ভাৰী ৱেলনেছ ছ'চাইটি' ৷
সংগঠনটোৱে গুৱাহাটীত গঢ়ি তুলিছে 'ডি এডিকশ্যন ৰিহেভিটেশ্যন এণ্ড ৱেলনেছ চেণ্টাৰ' ৷ মঙলবাৰে মানসিক স্বাস্থ্য দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক আৰু প্ৰকল্প প্ৰধান অনুপম ৰোহিতে ডিফু ৬ মাইলস্থিত ডনবস্ক' কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ আৰু ইয়াৰ ভয়াবহতা, প্ৰতিকাৰৰ লগতে এই সন্দৰ্ভত আইনৰ সন্দৰ্ভতো বিস্তৃতভাবে আলোচনা কৰি সজাগতাৰ সৃষ্টি কৰে ৷ অনুপম ৰোহিতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, 'ৰিক'ভাৰী ৱেলনেছ ছ'চাইটি নামৰ সংগঠনটোৱে অসমৰ বিভিন্ন ঠাইত আৰু বিভাগৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে ৷
আনহাতে ড্ৰাগছ আসক্ত নৱ প্ৰজন্মক বেয়া ব্যৱহাৰ নকৰি পুনঃসংস্থাপনৰ জৰিয়তে সমাধানৰ পথ বাচি ল'বলৈ আহ্বান জনায় ৷ এই সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে 88769 96636 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় অনুপম ৰোহিতে ৷ এই সজাগতা কাৰ্যসূচীত সংগঠনটোৰ বিষয়া হিৰমে ব্লেছ তিমুঙ আৰু সদস্য ডেনিয়েল তিমুঙো উপস্থিত থাকে ৷
লগতে পঢ়ক:Protagonist Mukut Chandra Bhuyan: নগাঁৱত প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন পালন