দুৰ্নীতি নিবাৰক শাখাৰ জালত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল - দুৰ্নীতি নিবাৰক শাখা
Published : Dec 11, 2023, 9:21 PM IST
বঙাইগাঁও, 11 ডিচেম্বৰ : টকাৰ খঁক নুগুছেহে নুগুছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ ঘোচ লৈ ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও এতিয়াও কমা নাই একাংশৰ টকাৰ খঁক ৷
পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এগৰাকী লাট মণ্ডল ৷ উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতেলোটে ধৰা পৰিল বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সুধীৰ পাল ৷ মাটিৰ কাম কৰি দিয়াৰ বাবদ এজন লোকৰ পৰা চাৰি হাজাৰ টকাৰ ঘোচ লৈ থকা অৱস্থাত ধৰা পৰে লাট মণ্ডল সুধীৰ পাল ৷
ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তন্ন তন্ন কৈ মাটিৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে লাট মণ্ডল সুধীৰ পালক জেৰা কৰে ৷ জেৰাৰ অন্তত সুধীৰ পালক আটক কৰি নিজৰ জিন্মাত লৈ যায় দুৰ্নীতি নিবাৰক শাখাই ৷ ইফালে মাটিৰ বিভিন্ন কাম-কাজ কৰি দিয়াৰ বাবদ বিভিন্নজনৰ পৰা সুধীৰ পালে ধন দাবী কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷
লগতে পঢ়ক :APSC কেলেংকাৰী : SIT ৰ হাতত গ্ৰেপ্তাৰ নন্দ বাবু সিং
TAGGED:
লাট মণ্ডল