জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ ঘৰত আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান
Published : Nov 29, 2023, 11:28 AM IST
নলবাৰী, 29 নৱেম্বৰ: ৰাস মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নলবাৰীত নিশা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ জোৰদাৰ অভিযান । মহানগৰীত ভূমি কেলেংকাৰী সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই যি আশ্বাস প্ৰদান কৰিছিল, একপ্ৰকাৰ যেন তাৰেই একচন আৰম্ভ কৰা দেখা গ’ল নলবাৰীত । নিশা ৰাস চলি থকাৰ মাজতে ভূ-মাফিয়া কাণ্ডক লৈ অভিযান চলায় আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ।
কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক লগত লৈ আৰক্ষীয়ে চলায় এই অভিযান। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী নিৰঞ্জন ডেকাৰ বাসগৃহত নিশাটো চলিল অভিযান । নিৰঞ্জন ডেকা মহানগৰীৰ ভূমি কেলেংকাৰী কাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত নিশা নিৰঞ্জন ডেকাৰ নলবাৰীৰ অময়াপুৰৰ সমীপৰ তুৰিয়াপাৰাৰ বাসগৃহত জোৰদাৰ তালাচী অভিযান চলায় আৰক্ষীয়ে ।
অভিযানত ভূমি ক্ৰয়-বিক্ৰয় সম্বন্ধীয় বহু নথি-পত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক:ভূমি জালিয়াতি গোচৰত ৬ জনক গ্ৰেপ্তাৰ