দুৰ্নীতি নিবাৰক শাখাৰ জালত লামডিং খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অভিযন্তাসহ কম্পিউটাৰ সহায়ক - Anti Corruption Branch raid in Hojai
Published : Nov 23, 2023, 11:26 AM IST
হোজাই, 23 নৱেম্বৰ :বুধবাৰে বিয়লিৰ ভাগতহোজাই জিলাৰ লংকাস্থিত লামডিং খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত দুর্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই । উৎকোচ লোৱাৰ বাবে অভিযানকাৰী দলে আটক কৰে অভিযন্তাসহ কম্পিউটাৰ সহায়কক ৷ আটকাধীন দুই কৰ্মচাৰী হ’ল অভিযন্তা প্রভাত কলিতা আৰু কম্পিউটাৰ সহায়ক সুৰজ বৰা ৷
অভিযোগ অনুসৰি লামডিং উন্নয়ন খণ্ডৰ অধীনত হৈ থকা কামৰ বিল মোকলাই দিয়াৰ নামত দুয়োজন কৰ্মচাৰীয়ে ঠিকাদাৰৰ পৰা ডেৰ লাখ টকাৰ উৎকোচ বিচাৰিছিল ৷ আনহাতে উৎকোচ বিচৰাৰ সন্দৰ্ভত ভুক্তভোগী ঠিকাদাৰজনে দুর্নীতি বিৰোধী সঞ্চালকালয়ত এক অভিযাগ দাখিল কৰিছিল ৷ উক্ত অভিযোগৰ ভিত্তিতে দুর্নীতি নিবাৰক শাখাৰ এটা দলে বুধবাৰে লামডিং উন্নয়ন খণ্ডৰ খণ্ড বিষয়াৰ কার্যালয়ত অভিযান চলায় ।
ইফালে অভিযন্তা প্রভাত কলিতাই ডেৰ লাখ টকাৰ আগধন হিচাপে 10 হাজাৰ টকা বিচৰাত ভুক্তভোগী ঠিকাদাৰজনে 10 হাজাৰ টকা দিছিল কম্পিউটাৰ সহায়ক সুৰজ বৰাক ৷ আনহাতে উক্ত ধনখিনি বৰাই অভিযন্তা প্ৰভাত কলিতাৰ সন্মুখতে লৈ আছিল ৷ তেনে সময়তে হাতে-লোটে দুয়োজনকে আটক কৰে অভিযানকাৰী দলে ৷ বিয়লি 4 বজাৰ পৰা মাজ নিশালৈকে আটকাধীন দুই কৰ্মচাৰীক লামডিং খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়তে দুৰ্নীতি নিবাৰক শাখাই জেৰা চলায় ।
ইফালে নিশাৰ ভাগত দুই কৰ্মচাৰীক আটক কৰি গুৱাহাটীলৈ লৈ আনে দুৰ্নীতি নিবাৰক শাখাই ।
লগতে পঢ়ক:পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত মুম্বাইত গ্ৰেপ্তাৰ হোজাইৰ আমান চেলিম শ্বেইখ