অসম

assam

অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ'চিয়েশ্যন

By

Published : Aug 18, 2023, 10:53 PM IST

ETV Bharat / videos

All India Tea Traders Association : যোৰহাটত অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনৰ বাৰ্ষিক সাধাৰণ সভা

যোৰহাট, 18 আগষ্ট :শুকুৰবাৰে যোৰহাটত ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনে অনুষ্ঠিত কৰে নৱম বাৰ্ষিক সাধাৰণ সভা ৷ লগতে এই অনুষ্ঠানত অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰে সংস্থাটোৱে ৷ উল্লেখ্য যে, ভাৰতৰ চাহ ব্যৱসায়ৰ শীৰ্ষ সংস্থা ফেডাৰেচন অৱ অল ইণ্ডিয়া টি ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনে চাহ উদ্যোগৰ বিভিন্ন খণ্ডক জড়িত কৰি ভাৰতত উৎপাদিত চাহক উচ্চ শিখৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷

অসমত উৎপাদিত চাহ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম উন্নত চাহ হিচাবে পৰিণত হৈছে ৷ আনহাতে চাহ উৎপাদন, ৰপ্তানি আৰু মূল্যৰ ক্ষেত্ৰত ভাৰতে উৎপাদন বৃদ্ধি দেখুৱালেও প্ৰত্যাহ্বান আৰু উত্থান-পতন দেখা গৈছে ৷ চাহৰ মূল্য বৃদ্ধি পোৱাৰ ফলত ব্যৱসায়িক শ্ৰেণীৰ ওপৰত প্ৰভাৱ পৰিছে ৷ চাহ উদ্যোগে বৰ্তমান যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷  

FAITTA এ চাহৰ প্ৰচাৰৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাইছে আৰু খাদ্য সুৰক্ষা, গুণগত মান, আৰু ৰঙৰ মান বজাই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ অন্যহাতে চাহ পেকেজিঙৰ ক্ষেত্ৰত একাংশই অসৎ উপায় অৱলম্বণ কৰে আৰু বে-আইনী কেমিকেল চাহত প্ৰয়োগ কৰে ৷ এই কাৰ্যই চাহ উদ্যোগক ব্যাপক হাৰত ক্ষতি কৰিছে ৷ সেয়েহে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷ শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত হোৱা সংবাদমেলত এইদৰে মত প্ৰকাশ কৰে ফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰি ট্ৰেডাছ এছ'চিয়েশ্যনে।

লগতে পঢ়ক :Meri Maati Mera Desh event in Duliajan : দুলীয়াজানৰ চিৰিংখাট গাঁৱত কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ মোৰ মাটি, মোৰ দেশ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details