Anniversary of Sonaru Kanchan Krishnachura: তিনিটা বসন্ত গৰকিলে সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াই
দিনে দিনে পৃথিৱীয়ে হেৰুৱাইছে প্ৰাকৃতিক ভাৰসাম্য । জীৱশ্ৰেষ্ঠই স্বাৰ্থ সিদ্ধিৰ বাবে চলাই গৈছে প্ৰকৃতি ধ্বংসযজ্ঞ । কেতিয়াবা যদি পথ নিৰ্মাণৰ নামত জধেমধে গছ কাটিছে আন কেতিয়াবা আকৌ গৃহ নিৰ্মাণৰ নামত । ঠিক তেনে সময়তে প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত কেইগৰাকীমান প্ৰকৃতিপ্ৰেমীয়ে লৈছে আদৰণীয় পদক্ষেপ । প্ৰকৃতি সুৰক্ষাৰ লক্ষ্যৰে চৰাইদেউ জিলাত বৰ্তমানলৈকে ৭৫ হাজাৰ বৃক্ষৰোপণ কৰিছে সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া অভিযানে ।
এই অভিযানে এই বৰ্ষত সম্পূৰ্ণ কৰিলে তিনিটা বছৰ(Anniversary of Sonaru Kanchan Krishnachura mission) । প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই(Nature lover Anup Patkai) আৰু জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস, মাধৱ ৰঞ্জনকে ধৰি মৰাণৰ শিল্পী সমাজৰ প্ৰচেষ্টাত বিগত তিনিটা বৰ্ষ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণেৰে সেউজ চৰাইদেউ গঢ়ি তোলা এই ব্যতিক্ৰমী অনুষ্ঠানটোৰ তৃতীয় বৰ্ষপূৰ্তি আয়োজন কৰা হৈছে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৷ অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত মৰাণৰ সমীপৱৰ্তী দিচাংপানী, ডবা, লাইচেং পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ ৷
প্ৰকৃতি সুৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং(Forest Man Yadav Payeng), অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, নীল আকাশ, কুসুম কৈলাস, মাধৱ ৰঞ্জনকে ধৰি প্ৰায় দুকুৰি শিল্পী-সাংস্কৃতিক কৰ্মী, কেইবাগৰাকীও সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷ লগতে থাকিব ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা ৷ এই অনুষ্ঠানক লৈ এতিয়া অঞ্চলটোত দেখা গৈছে ব্যাপক উছাহ ৷
উল্লেখযোগ্য যে বিশেষকৈ চৰাইদেউ জিলাক সোণাৰুৰ হালধীয়া ৰঙৰে ৰঙীন কৰি তোলাৰ প্ৰয়াস অব্যাহত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ । ২০১৯ চনৰপৰা গছপুলি ৰোপনৰ যাত্ৰা আৰম্ভ কৰা প্ৰকৃতিপ্ৰেমীগৰাকীয়ে কেৱল গছপুলি ৰোপন কৰাতে সীমাবদ্ধ নাথাকি সেই সমূহ প্ৰতিপালনৰো ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত তেখেতে ৰোপন কৰা বহু গছ এতিয়া লহপহকৈ বাঢ়ি আহিব ধৰিছে । প্ৰথম অৱস্থাত ব্যক্তিগত প্ৰচেষ্টাৰে গছপুলি ৰোপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা অনুপ পাটকাইৰ কৰ্মক সমৰ্থন জনায় এতিয়া তেখেতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন জন প্ৰকৃতিপ্ৰেমী ব্যক্তি ।