Ankia Nat Workshop: নাৰায়ণপুৰৰ মধুপুৰত অংকীয়া নাট কৰ্মশালাৰ আয়োজন - Ankia Nat Workshop
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মধুপুৰত চক্ৰপাণি সংগীত বিদ্যালয়ৰ উদ্যোগত মধুপুৰ পঞ্চশীল কৃষ্টি বিকাশ কেন্দ্ৰত ১৫ দিনীয়াকৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হৈছে গুৰু দুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট কৰ্মশালা (Ankia Nat Workshop) । চক্ৰপাণি সংগীত বিদ্যালয়ৰ মুৰব্বী তথা নাৰায়ণপুৰৰ শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰৰ বৰবায়ন দাদু দত্তৰ তত্বাৱধানত পিছপৰা অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীক গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত তেওঁলোকৰ বৌদ্ধিক, শাৰিৰীক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালা । অঞ্চলটোৰ অৰ্ধ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ কৰা এই কৰ্মশালাৰ অন্তত কেইবাখনো অংকীয়া নাট প্ৰদৰ্শন কৰা হ’ব । ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগৰ প্ৰতি লক্ষ্য ৰাখি কেইবাজনো বিশিষ্ট ব্যক্তিক কৰ্মশালালৈ আমন্ত্ৰণ জনোৱা হৈছে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST