অসম

assam

Protection Gold Monkey : দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁওত নিৰ্মাণ হ’ব এনিমেল কৰিড’ৰ

By

Published : Mar 6, 2023, 10:41 PM IST

Etv Bharat

বঙাইগাওঁ, 6 মাৰ্চ :  দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিল বঙাইগাঁও জিলা প্ৰশাসন । জিলাখনৰ কাকৈজানাত বিগত মাহত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা ৷ তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছিল এটি আপুৰুগীয়া সোণালী বান্দৰৰ (Golden langur Death in a road accident) ৷  

তাৰ পিছতেই প্ৰকৃতিপ্ৰেমী ৰাইজে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদৰ পিছতে তৎপৰ হৈ পৰা পৰিলক্ষিত হয় বঙাইগাঁও জিলা প্ৰশাসন । ৰবিবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি তিনিটা স্থানত জীৱ-জন্তুৰ বাবে পথ তথা এনিমেল কৰিড’ৰ নিৰ্মাণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক । 

লগতে পঢ়ক :Sanmilita gana shakti asom Conference: গণশক্তিৰ সৈতে বিজেপিৰ লক্ষ্য আদৰ্শৰ বিশেষ পাৰ্থক্য নাই; ভুৱন পেগু

উল্লেখ্য যে, 24 ফেব্ৰুৱাৰীৰ দিনা বঙাইগাঁও জিলাৰ কাকৈজানাত এক পথ দুৰ্ঘটনাত এজনী সোণালী বান্দৰৰ মৃত্যু হয় (Baby Golden langur crying)। দুৰ্ঘটনাটোত মৃত্যু হোৱা মাতৃগৰাকীক সাৱটি ধৰি কণমানি বান্দৰ পোৱালিটোৱে কন্দা দৃশ্যই কেৱল বঙাইগাঁওকে নহয় সমগ্ৰ ৰাজ্যৰে সচেতন মহলত চৰ্চা চলা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ পিছতেই তৎপৰ হৈ সংশ্লিষ্ট জিলা প্ৰশাসনে গ্ৰহণ কৰে এই পদক্ষেপ (Animal corridors to protect the rare golden monkeys) ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details