অসম

assam

ETV Bharat / videos

HSLC Exam results 2022 : প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দশম স্থান প্ৰাপ্ত এনিকংকনা গগৈৰ - প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দশম স্থান প্ৰাপ্ত এনিকংকনা গগৈৰ

By

Published : Jun 7, 2022, 6:22 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam results 2022)। ফলাফল ঘোষণাৰ পাছতে ডিব্ৰুগড়ৰ টেঙাখাতত এক উৎসৱমুখৰ পৰিৱেশ । টেঙাখাতৰ এনিকংকনা গগৈয়ে অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় (Anikankana Gogoi secure 10th rank in HSLC Exam)। টেঙাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনাই ৫৮৮ নম্বৰ লাভ কৰি এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় । টেঙাখাতৰ ব্ৰজেন গগৈ আৰু দুলুৰাণি ৰাজখোৱা গগৈৰ কন্যা এনিকংকনা গগৈ । কন্যাই এনেদৰে টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত যথেষ্ট আনন্দিত তেওঁ পৰিয়াল । ইফালে টেঙাখাত জাতীয় বিদ্যালয়তো উখল-মাখল পৰিবেশ । ছাত্ৰ সন্থা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে শোভাযাত্ৰা কৰি ছাত্ৰীগৰাকীক বিদ্যালয়লৈ আদৰি আনে । এনিকংকনা গগৈয়ে উল্লেখ কৰা মতে এগৰাকী প্ৰশাসনি বিষয়া হোৱাৰ সপোন আছে তেওঁৰ ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details