Angshumita Gogoi on Rakesh Pal : ৰাকেশ পাল জামিনতহে মুকলি হৈছে, দোষমুক্ত হোৱা নাই - Angshumita Gogoi on Rakesh Pal
🎬 Watch Now: Feature Video
শিৱসাগৰ, ৩০ মাৰ্চ : এপিএছচি (APSC scam) কেলেংকাৰীৰ লগত জড়িত মূল অভিযুক্ত ৰাকেশ পালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে মঙলবাৰে মুকলি আকাশৰ তললৈ আহে (APSC scam main accused Rakesh Paul) । ৬ বছৰ ৪ মাহৰ কাৰাবন্দী জীৱন কটোৱাৰ পাছত মঙলবাৰে মুকলি আকাশৰ তললৈ আহে অসমৰ সৰ্বকালৰ সৰ্ববৃহত কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পাল (Guwahati High Court granted Rakesh Pals brail) ।
ইয়াৰ পাছতেই APSC কেলেংকাৰীৰ বিৰুদ্ধে গোচৰ দিয়া প্ৰথমগৰাকী মহিলা তথা শিৱসাগৰ বিখ্যাত দন্ত চিকিৎসক ডাঃ অংশুমিতা গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া কৰে । অংশুমিতা গগৈৰ মন্তব্য, ৰাকেশ পাল মাত্ৰ জামিনতহে মুকলি হৈছে, কিন্তু দোষমুক্ত হোৱা নাই । লগতে ন্যায়ালয়ৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস থকা বুলিও প্ৰকাশ কৰে (Angshumita Gogoi reacts on Rakesh Pal) ।
সমগ্ৰ অসমৰ নতুন প্ৰজন্মৰ ভালৰ বাবেই এই গোচৰটো দিয়া বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, ন্যায়ালয়ে উচিত বিচাৰ নিশ্চয় কৰিব বুলিও ডাঃ অংশুমিতা গগৈ দৃঢ় বিশ্বাসী বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক :Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা