অসম

assam

অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ETV Bharat / videos

Protest in Nalbari : নলবাৰীত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ অসহযোগ কাৰ্যসূচী - অংগনৱাড়ী কৰ্মী

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:47 PM IST

নলবাৰী, ৭ অক্টোবৰ : প্ৰাপ্যৰ দাবীত ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী-সহায়িকাৰ অসহযোগ কাৰ্যসূচী ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাতো অংগনৱাড়ী কৰ্মী-সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুকালমুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত শ শ অংগনৱাড়ী কৰ্মী-সহায়িকাই অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উল্লেখযোগ্য যে অংগনৱাড়ী কৰ্মী-সহায়িকা সকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি দিয়াৰ লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি মতে সহায়িকাক ১১ হাজাৰ টকাৰ মাননি আদায় দিয়া আদিকে ধৰি কেইবাটাও দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰায় শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই এই অসহযোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

এই অসহযোগ কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে দাবীসমূহ মানি নলয় তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ 

লগতে পঢ়ক :Protest in Biswanath : নতুন পেন্সন নীতি বাতিলৰ দাবীত বিশ্বনাথত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details