Anganwadi protest in Guwahati: চচলত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদী কাৰ্যসূচী
গুৱাহাটী, ১০ জুলাই : চৰকাৰী বঞ্চনা তথা ন্যায্য প্ৰাপ্তিৰ দাবীত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধর্ণাস্থলী । মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী তুলিলে তেওঁলোকে ৷
চৰকাৰৰ ঘোষণা অনুসৰি ২০১৭ চনৰ জানুৱাৰীৰ পৰা অৱসৰী কৰ্মী আৰু সহায়িকাক এককালীন সাহাৰ্য প্ৰদান কৰা, শ্ৰম আইন অনুসৰি মাননীৰ সলনি মজুৰি প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, পেঞ্চন দিয়াৰ ব্যৱস্থা প্ৰদান কৰা আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দুই শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই ৷
অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাই চচলত ৰূপায়ণ কৰা তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰাৰ সময়তে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে । ইয়াকে লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় । বাক-বিতণ্ডাৰ মাজতে সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ থানাৰ এ চি পি হিমাংশু দাসৰ জৰিয়তে অসমৰ সমাজ কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক :Journalist protest in Guwahati:সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক নিলম্বনৰ দাবীত প্ৰতিবাদ