অসম

assam

অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থা

ETV Bharat / videos

Anganwadi kendra:বৰষুণত ভাঙি পৰিল এটা অংগনৱাড়ী কেন্দ্ৰ - Anganwadi kendra collapses in rangapara

By

Published : Aug 15, 2023, 8:49 PM IST

ৰঙাপৰা, 15 আগষ্ট : শোণিতপুৰ জিলাৰ ৰঙাপৰাত হোৱা প্ৰৱল বৰষুণৰ ফলত ভাঙি পৰিল এটা অংগনৱাড়ী কেন্দ্ৰ ৷ কৰ্মী-সহায়িকাই খোদ বাঁহৰে নিৰ্মাণ কৰি লোৱা অংগনৱাড়ী কেন্দ্ৰটি ভাঙি পৰাত চিন্তিত হৈ পৰে স্থানীয় ৰাইজ ।

শেহতীয়াকৈ ৰঙাপৰাৰ সোনাবিল গাঁৱত সমাজ কল্যাণ বিভাগৰ বালিপৰা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ অধীনৰ সোনাবিল অংগনাৱাড়ী কেন্দ্ৰটি হঠাৎ ভাঙি পৰে । ১৯৯৯ চনত স্থাপিত হোৱা অংগনৱাড়ী কেন্দ্ৰটি অঞ্চলটোত হোৱা প্ৰৱল বৰষুণৰ ফলত ভাঙি পৰে । উক্ত কেন্দ্ৰটিত ৬৪ টি কণ কণ শিশুৱে প্ৰাথমিক জ্ঞান লাভ কৰি আহিছে ৷

অংগনৱাড়ী কেন্দ্ৰটি ভাঙি পৰাৰ পিচত কণ কণ শিশুসকলে পৰৱৰ্তী সময়ত ক’ত কেনেদৰে প্ৰাথমিক জ্ঞান আহৰণ কৰিব তাকে লৈ অঞ্চলটোৰ অভিভাৱক ৰাইজে চিন্তাত পৰিছে । গাঁঠিৰ ধন ভাঙি কৰ্মী-সহায়িকাই সাজি লোৱা বাঁহ আৰু টিঙৰ অংগনৱাড়ী কেন্দ্ৰটি ভাঙি পৰাৰ পিচত দুয়োগৰাকী চিন্তিত হৈ পৰিছে । ভাঙি পৰা অংগনৱাড়ী কেন্দ্ৰটি অতি শীঘ্ৰেই নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি কণ কণ শিশুসকলক প্ৰাথমিক জ্ঞান আহৰণৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগটোক দাবী জনাইছে ।

লগতে পঢ়ক :Protest in Rangapara: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ৰঙাপৰাৰ চাহ বাগিচা

ABOUT THE AUTHOR

...view details