অসম

assam

অনুপ্ৰেৰণাদায়ক কাহিনী

ETV Bharat / videos

চল্লিশ বছৰে বাতৰি বিলায়েই পৰিয়াল পোহপাল দিয়া মানুহজন - baksa news

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 5:28 PM IST

বাক্সা, ২৮ ডিচেম্বৰ :বাতৰি কাকত বিলোৱা মানুহ এজনৰ কিমান হ’ব পাৰে মাহিলী পাৰিশ্ৰমিক ? বস্তুৰ জুইছাই দাম, আজিৰ এইখিনি সময়ত হকাৰ হিচাপে পৰিয়াল পোহপাল দিয়াৰ কথাটো ভাবিবই নোৱাৰি ৷ সেই কেইটা টকাৰে নিজে চলাৰ লগতে এটা সম্পূৰ্ণ পৰিয়াল চলোৱাটো আজিৰ সময়ত নিশ্চয়কৈ এটা ডাঙৰ কথা ৷ কিন্তু সেই কামটোকে অতি হেঁপাহেৰে বিনা কোনো আক্ষেপেৰে আজি চল্লিশ বছৰ ধৰি নিয়াৰিকৈ কৰি গৈ আছে বাক্সাৰ এজন মানুহে ৷

আজি প্ৰায় চল্লিশ বছৰেই হ’ল ৷ ভাগৰি পৰা নাই কাকত বিলোৱা মানুহজন ৷ তেওঁৰ তিনিওটা সন্তানেই ডিগ্ৰী সম্পূৰ্ণ কৰিলে ৷  চাইকেলৰ কেৰিয়াৰত বাতৰি কাকত কঢ়িয়াই পুৱাই ওলাই যায় ঘৰৰ পৰা ৷ বাক্সা জিলাৰ বৰমাৰ ধনেশ্বৰ ভাণ্ডাৰৰ পৰা ৩০-৪০ কিলোমিটাৰ পৰ্যন্ত কাকত বিলাই তেওঁ ৷

নলবাৰী আৰু বাক্সাৰ বিভিন্ন প্ৰান্তলৈ পুৱাই ২০০-৩০০ পঢ়ুৱৈক বাতৰি কাকত যোগান ধৰি আহিছে বিৰেণ কলিতাই । বিভিন্ন সময়ৰ স্মৃতি আজিও সজীৱ হৈ আছে তেওঁৰ ৷ এবাৰ আৰ্মীয়ে কিবা কাৰণত ৰখোৱাৰ কথাও ক’লে সাংবাদিকৰ আগত ৷ পিছে মেজৰে বেছি সময় ধৰি নাৰাখি যাবলৈ দিয়ে বুলি তেওঁ কয় ৷ নিৰ্বাচনৰ সময়ৰ কাকতেই হওক বা আন্দোলনৰ সময়তেই হওক ৰ’দে-বতাহে-বৰষুণে কাহিলীপুৱাতেই বৰমাৰ ধনেশ্বৰ ভাণ্ডাৰৰ পৰা কাকত সংগ্ৰহ কৰি ঘৰে ঘৰে বিলাই আনন্দ লাভ কৰে মানুহজনে ।

লগতে পঢ়ক :স্বামীক হেৰুৱাই আৰম্ভ কৰা কেঁচুসাৰৰ ব্যৱসায় আজি কেৱল তেওঁৰেই সাৰথি নহয়

ABOUT THE AUTHOR

...view details