Amrit Kalash Yatra:ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে বিধায়ক তেৰছ গোৱালাই - বিধায়ক তেৰছ গোৱালা
Published : Sep 26, 2023, 10:40 PM IST
ডিব্ৰুগড়, 26 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অংশস্বৰূপে অসমত 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ পাচতেই দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ কৰিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰাল ভাৱে দুলীয়াজানৰ চহৰ গাঁও সকলোতে আৰম্ভ হৈছে এই কাৰ্যসূচী ৷
মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অংশ হিচাপে দুলীয়াজানত অমৃত কলহ হাতত লৈ ৰাইজৰ ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰিলে বিধায়ক তেৰছ গোৱালাই । বিধায়ক গৰাকীক এই কাৰ্যসূচীত চি.আই.এছ.এফ, ভাৰতীয় সেনা বাহিনী, পঞ্চায়ত সভাপতিৰ লগতে বিজেপি দলৰ কৰ্মীসকলে সহযোগিতা কৰা পৰিলক্ষিত হয় ।
বিধায়ক তেৰছ গোৱালাই কয়, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি মহান কাম কৰিবলৈ সুবিধা দিছে তাৰ বাবে তেওঁক ধন্যবাদ জনাইছো । লগতে দুলীয়াজান সমষ্টিত অমৃত কলহ যাত্ৰাত ৰাইজে অভূতপূৰ্ব সঁহাৰি দিয়া বুলিও উল্লেখ কৰে তেওঁ ।