অসম

assam

Amrit Kalash Yatra

ETV Bharat / videos

Amrit Kalash Yatra: নগাঁৱত উৎসৱমুখী উল্লাসেৰে অমৃত কলহ যাত্ৰা - অৱসৰপ্ৰাপ্ত ডিআইজি দেবোজিৎ হাজৰিকা

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:50 PM IST

নগাঁও, 2 অক্টোবৰ :গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি নগাঁও পৌৰসভাই সোমবাৰে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ আৰম্ভণি কৰে । পৰম্পৰাগত বাদ্য বাদন আৰু শোভাযাত্ৰাৰ জৰিয়তে বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত নগাঁৱৰ শ্বহীদ ভৱনৰ প্ৰাংগণত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখলৈ কলহসমূহ অনা হয় । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা, ৱাৰ্ড আয়ুক্ত, বিশিষ্ট নাগৰিক আৰু সাধাৰণ জনতাৰ সৈতে এই “অমৃত কলহ যাত্ৰা” শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে । 

ইয়াৰ পিচতে বিধায়কগৰাকীৰ সৈতে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত পুষ্পাৰ্ঘ নিবেদন কৰে । অমৃত কলহ যাত্ৰা সমাপ্ত হোৱাৰ পিচতে দেশক অতুলনীয় সেৱা আগবঢ়োৱাসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে নগাঁও পৌৰসভাৰ কাৰ্যালয় চৌহদত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ য’ত বিধায়কগৰাকীয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডিআইজি দেবজিৎ হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত সেনাবিষয়া নৱ শৰ্মাক সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক:Gandhi Jayanti 2023 : শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ১৫৪ সংখ্যক গান্ধী জয়ন্তী পালন

ABOUT THE AUTHOR

...view details