Amrit Kalash Yatra: দেৱলোকৰ পৰা আহি বৰপেটাৰোডত ‘অমৃত কলহ যাত্ৰাৰ ভাওনা’
Published : Oct 2, 2023, 11:02 PM IST
বৰপেটাৰোড, 2 অক্টোবৰ :বৰপেটাৰোডত অমৃত কলহ যাত্ৰাৰ নামত দেখা গ’ল এক আজৱ কাণ্ড । অমৃত কলহ যাত্ৰাৰ ওলাল ভাওনা দল ৷ দেৱলোকৰ নামি আহিল ৰাম, লক্ষ্মণ, সীতা, সূত্ৰধাৰ, পৰশুৰাম, অসুৰ, মুনি বিশ্বামিত্ৰকে ধৰি ৰজা-মহাৰজাসকল ৷ তেওঁলোকৰ মত সাগৰ মন্থনৰ সময়ত যিদৰে অমৃত ওলাইছিল, এইয়াও চৰকাৰে ঠিক তেনেদৰে অমৃতেই গোটাইছে ৷
গান্ধী জয়ন্তীৰ দিনটোতে বৰপেটাৰোডৰ প্ৰতিটো ৱাৰ্ডৰ ঘৰে ঘৰে সংগ্ৰহ কৰি ৰখা ‘অমৃত কলহ’ আত্মসহায়ক গোটসমূহে সংগ্ৰহ কৰি বৰপেটাৰোড পৌৰসভাৰ কাৰ্যালয়ত জমা কৰে ৷ পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাৰ জৰিয়তে এই ‘অমৃত কলহ’টি নতুন দিল্লীত স্থাপন হ’বলগীয়া ‘অমৃত উদ্যান’ লৈ পঠোৱা বুলি জানিবলৈ দিয়ে ৷ এই যাত্ৰাত অংশগ্ৰহণ কৰে বৰপেটাৰোডৰ আঞ্চলিক মহিলা সমিতিৰ সদস্যাসকলে ৷ মহিলা সমিতিৰ সদস্যাসকলে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ৰাম, লক্ষ্মণ, সীতা, ৰজা-মহাৰজা আদি বিভিন্ন চৰিত্ৰত অভিনয় কৰি এই যাত্ৰাত অংশ গ্ৰহণ কৰে ।