Ambulance donation: ৰাইজৰ সেৱাৰ বাবে এম্বুলেন্স উচৰ্গা চিলাপথাৰ ট্ৰাক মালিক সন্থাৰ - Silapathar Model Hospital
Published : Sep 17, 2023, 6:58 PM IST
জোনাই, ১৭ ছেপ্টেম্বৰ:চিলাপথাৰ পাব্লিক ট্ৰাক মালিক সন্থাই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া আভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাইজৰ বাবে উচৰ্গা কৰে এখন এম্বুলেন্স । চিলপথাৰ ট্ৰাক মালিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এম্বুলেন্সখন মুকলি কৰে স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুই ।
এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ আৰু বিধায়কে ট্ৰাক মালিক সন্থাৰ এনে উন্নয়নমূলক পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি জৰুৰী সময়ত অঞ্চলবাসী ৰাইজৰ বহু সহায়ক হ'ব বুলি কয় । চিলাপথাৰ মডেল হাস্পতালক চমজি দিয়া এম্বুলেন্সখন ৰাইজৰ সম্পত্তি আৰু বাহনখনৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ বিধায়ক ভূৱন পেগুয়ে ৰাইজক আহ্বান জনায় । উক্ত অনুষ্ঠানত এম এ চিৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমৰ, চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লাবণ্য় পাইত দলে আদি উপস্থিত থাকে ।
লগতে পঢ়ক:Road Mishap: নতুন বাইক ক্ৰয় কৰি ঘৰ নাপালেহি সৰ্বেশ্বৰ; জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা