অসম

assam

পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈছে এজাক বন্ধু

ETV Bharat / videos

পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈছে এজাক বন্ধু

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:07 PM IST

বৰপেটাৰোড, 11 ডিচেম্বৰ : সময় পাখি লগা কাঁড়ৰ দৰে ৷ পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈছে এজাক বন্ধু ৷ দেওবাৰে সুদীৰ্ঘ 40 (চল্লিছ) বছৰ পিচত 50 ৰ উৰ্ধৰ বজালী কলেজৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থীৰ মহামিলন অনুষ্ঠান আয়োজন কৰা হয় ৷ অসমৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে বজালী মহাবিদ্যালয় ৷ 1983 চনত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয়খনত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল ৷ কালক্ৰমত এইসকল শিক্ষাৰ্থীয়ে ছাত্ৰ জীৱনৰ পৰা মেলানি মাগি বিভিন্ন স্থানত বিভিন্ন পদত নিয়োজিত হৈ জীৱনৰ পাতনি মেলে ৷ 

সময়ৰ গতিত প্ৰায় সকলোৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল যদিও পুনৰ তেওঁলোকৰ সংযোগ ঘটিল সমাজিক মাধ্যমৰ যোগেদি ৷ এই সকলৰ একাংশ সতীৰ্থই তৃতীয়বাৰৰ বাবে বৰপেটাৰোডত আয়োজন কৰিলে বজালী কলেজৰ 1983 বৰ্ষৰ সতীৰ্থৰ মহা-সন্মিলন ৷

এই সন্মিলনত সুদূৰ ইংলেণ্ডৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বন্ধু-বান্ধৱীসকলে অতীতৰ দিনবোৰক সুঁৱৰি পুনৰ উভতি গ’ল সেই কলেজীয়া দিনলৈ ৷ মহা-সন্মিলনত হাঁহি ধেমালি, নৃত্য-গীত, কবিতা আবৃত্তি, স্মৃতি ৰোমন্থন কৰি বন্ধুত্বৰ এনাজৰীডাল সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰে বন্ধুৰ দলটোৱে ৷

লগতে পঢ়ক:লক্ষীপুৰ আঙটিহাৰা মছজিদ ৰক্ষাৰ বাবে সমূহীয়া প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details