ডিগবৈ শোধনাগাৰত কাম দিয়াৰ বিনিময়ত মহিলাক অশ্লীল প্ৰস্তাৱ শ্ৰমিক নেতাৰ ! - মহিলাক অশ্লীল প্ৰস্তাৱ
Published : Dec 12, 2023, 10:42 PM IST
তিনিচুকীয়া, ১২ ডিচেম্বৰ : এগৰাকী দৰিদ্ৰ অসহায় মহিলাক তিনিচুকীয়া জিলাৰ ডিগবৈ শোধনাগাৰত ঠিকাভিত্তিক কাম দিয়াৰ বিনিময়ত শ্ৰমিক সংগঠনৰ এজন নেতাই অশ্লীল প্ৰস্তাৱ দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে অশ্লীল প্ৰস্তাৱ দিয়া কথোপকথনৰ অডিঅ’ সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হৈছে ।
অভিযুক্ত শ্ৰমিক নেতাজন ডিগবৈ এ অ চি কণ্ট্ৰেকচুৱেল লেবাৰ ইউনিয়নৰ যুটিয়া সম্পাদক জগত বেজবৰুৱা বুলি জানিব পৰা গৈছে । শ্ৰমিক সংগঠনটোৱে ইতিমধ্যে জগতক সংগঠনটোৰ পৰা অব্যাহতি দিছে । প্ৰায় দুবছৰ ধৰি স্বামী আঁতৰি থকা ডিগবৈৰ এগৰাকী দুই সন্তানৰ মহিলাই ঠিকাভিত্তিত ডিগবৈ শোধনাগাৰৰ অধীনত এটা বিভাগত কাম কৰি আছিল ।
কিন্তু হঠাৎ ঠিকা প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ সঞ্জয় যাদৱে মহিলাগৰাকীক কামৰ পৰা বহাই দিয়ে । জগত বেজবৰুৱাই এসপ্তাহ তেওঁৰ লগত সময় দিলে পুনৰ কামত নিয়োজিত কৰাৰ লগতে টকা পইচা দিও সহায় কৰিব বুলি ফোনযোগে প্ৰস্তাৱ দিয়ে ।
বেজবৰুৱাই ৰামনগৰৰ ভাড়াঘৰলৈও লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে । মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, এদিন ডিগবৈ চহৰত লগ কৰি বিভিন্ন অশ্লীল প্ৰস্তাৱ দিছিল বুলি অভিযোগ কৰে ভুক্তভোগীয়ে ।
লগতে পঢ়ক :ৰাজ্যৰ ৩৯.৬৩ লাখ শিক্ষার্থীক সামৰি ৩ জানুৱাৰীৰ পৰা গুণোৎসৱ