অসম

assam

ETV Bharat / videos

DAC Election Result 2022: নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক আক্ৰমণ কংগ্ৰেছ কর্মীৰ - DAC Election Result 2022

By

Published : Nov 11, 2022, 9:33 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

বৃহস্পতিবাৰে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে হিংসাত্মক কাৰ্যকলাপৰ খবৰ পোহৰলৈ আহিছে (DAC Election Result 2022)৷ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ১০ নং চিচিবৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰা দেৱকান্ত দেউৰীৰ সমৰ্থনকাৰীৰ বাহনৰ ওপৰত কংগ্ৰেছৰ সমৰ্থক দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰে (Allegedly Congress workers attack independent candidates supporters)৷ নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে সমৰ্থকক লৈ বিপুল উছাহৰ মাজতে ধেমাজিৰ পৰা ধুনাগুৰি হৈ চিলাপথাৰলৈ আহি থকা অৱস্থাত আবেলি প্ৰায় ২ বজাত ধুনাগুৰিত শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হয় ৷ শিলগুটি নিক্ষেপৰ ফলত 10 গৰাকীৰো অধিক লোক আহত হয় ৷ ইতিমধ্যে এই সন্দৰ্ভত কংগ্ৰেছ সমৰ্থনকাৰীৰ বিৰুদ্ধে চিলাপথাৰ থানাত গোচৰ ৰুজু কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details