অসম

assam

পথৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী চুৰি হোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:25 PM IST

ETV Bharat / videos

Road construction at Jonai:জোনাইত এটা জৰাজীৰ্ণ তথা ব্যস্ত পথৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী চুৰি হোৱাৰ অভিযোগ

জোনাই, ১৫ ছেপ্টেম্বৰ :জোনাই সদৰৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা জোনাই প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ জৰাজীৰ্ণ গড়কাপ্তানি পথৰ ওপৰত নতুনকৈ স্থাপন কৰি থকা হৈছে ফিভাৰ ব্লক পথ ৷ কিন্তু উক্ত নিৰ্মীয়মাণ ফিভাৰ ব্লক পথত ব্যৱহৃত ফিভাৰ ব্লক নিশা হ’লেই একাংশ লোকে ই-ৰিক্সাৰে চুৰি কৰি অহাৰ অভিযোগ কৰিছে পথটোৰ ঠিকাদাৰ দিপাংকৰ শৰ্মাই ৷ একাংশ লোকে পথ নিৰ্মাণৰ বাবে পেলাই ৰখা ফিভাৰ ব্লক নিশা চুৰি কৰি জংঘলত জমা কৰি ৰখা অৱস্থাৰ পৰা ঠিকাদাৰে উদ্ধাৰ কৰিছে ৷

উল্লেখ্য যে, যোৱা কেইদিনমান পূৰ্বে উক্ত বিধ্বস্ত পথছোৱা সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰি আহিছিল বাতৰি ৷ ইয়াৰ পিচতে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ তৎপৰতাত পথচোৱা তৎকালে মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে যদিও এনেদৰে পথটোৰ নিৰ্মাণত ব্যৱহৃত ফিভাৰ ব্লক একাংশ লোকে চুৰি কৰাত চিন্তিত হৈ পৰিছে পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ দিপাংকৰ শৰ্মা ৷ অৱশ্যে উক্ত ফিভাৰ ব্লক চুৰি হোৱা ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ জোনাইবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্ৰত তেনে চুৰিকাৰ্য পৰিহাৰ কৰি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে দিপাংকৰ শৰ্মাই ৷

লগতে পঢ়ক :Rods recovered : জংঘলত লুকাই ৰখা অৱস্থাত উদ্ধাৰ নিৰ্মীয়মান বিদ্যালয়ৰ ৰ’ড, উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ

ABOUT THE AUTHOR

...view details