অসম

assam

দৰঙত সংঘটিত হ’ল লাভ জিহাদৰ এক ঘটনা

ETV Bharat / videos

Love Jihad Case in Darrang: ভুৱা পৰিচয়েৰে হিন্দু যুৱতীক পলুৱাই আনিলে হাৰেজ আলিয়ে

By

Published : May 8, 2023, 10:53 PM IST

দৰং, 8 মে’: ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জিহাদৰ ঘটনা ৷ এইবাৰ দৰঙত সংঘটিত হ’ল লাভ জিহাদৰ আন এক ঘটনা ৷ হিন্দুৰ পৰিচয়েৰে প্ৰেমৰ জালত পেলাই যুৱতীক পলুৱাই নিলে মুছলমান যুৱকে ৷ দৰঙ ভকতপাৰাৰ হাৰেজ আলি নামৰ যুৱকৰ বিৰুদ্ধে এই অভিযোগ এগৰাকী ভুক্তভোগী যুৱতীৰ (Alleged Love Jihad Case in Darrang) ৷  

জানিব পৰা মতে বিপিন কলিতা নামেৰে পৰিচয় দি প্ৰেমৰ জালত পেলাই ভকতপাৰাৰ হাৰেজ আলিয়ে পলুৱাই আনিছিল শিৱসাগৰ জিলাৰ চেপনৰ এগৰাকী যুৱতীক ৷ ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰেমৰ জালেৰে এনেদৰে ভুৱা চিনাকীৰে যুৱতী গৰাকীক জালত পেলাইছিল হাৰেজ আলিয়ে ৷ প্ৰথম অৱস্থাত দুয়ো পলাই গৈ বাংগালুৰুত উপস্থিত হয় ৷ ইয়াৰ পিছতেই যুৱতী গৰাকীয়ে প্ৰকৃত পৰিচয় লাভ কৰে হাৰেজ আলিৰ (Love Jihad Case in Darrang) ৷  

কিন্ত বাংগালুৰুৰ পৰা উভতি অহাৰ কোনো সুবিধা নোহোৱাত তাতেই থাকিব লগা হয় যুৱতী গৰাকী ৷ ঈদৰ সময়ত ঘৰলৈ অহাৰ পিছত যুৱতী গৰাকী নিজ গৃহলৈ যাব খোজে যদিও নিজ গৃহলৈ যাবলৈ দিয়াৰ পৰিৱৰ্তে প্ৰেমিক হাৰেজ আলি আৰু তেওঁৰ মাতৃয়ে মাৰধৰ কৰা বুলিহে অভিযোগ আনে যুৱতী গৰাকীয়ে (Muslim youth drives Hindu girl) ৷ 

উপায়ন্তৰ হৈ যুৱতী গৰাকীয়ে অৱশেষত হাৰেজ আলিৰ ঘৰৰ পৰা পলাই আহে যদিও হাতত ধন নথকাত ভকতপাৰা চকত ঘূৰি ফুৰা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি ভকতপাৰা আৰক্ষী চকীত গতাই দিয়ে ৷ ইফালে যুৱতী গৰাকীৰ মাতৃৰ ঘৰেও এতিয়া ঘটনাতো বিশেষ গুৰুত্ব নিদিয়াত বিমোৰত পৰিছে আৰক্ষী আৰু যুৱতীগৰাকী (Love Jihad Case) ৷

লগতে পঢ়ক:Guwahati doctor couple case: তোলনীয়া সন্তানক নিৰ্যাতন চলোৱা চিকিৎসক দম্পতীৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ

ABOUT THE AUTHOR

...view details