Behali Reserve Forest: বিহালী সংৰক্ষিত বনাঞ্চলত বনজ সম্পদ লুণ্ঠনৰ লগতে বেদখলৰ অভিযোগ - Loot of forest resources in Behali Reserve Forest
উত্তৰ অসমৰ অন্যতম চিৰসেউজ বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলত দিনে নিশাই চলিছে বনজ সম্পদ লুণ্ঠনৰ এক অঘোষিত প্ৰতিযোগিতা(Loot of forest resources in Behali Reserve Forest) ৷ দুস্কৃতিকাৰীয়ে বনাঞ্চলখনৰ ভিতৰৰ অতি মূল্যবান গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰাৰ লগতে চলাই গৈছে কাঠৰ চোৰাং ব্যৱসায়(Smuggling timber by cutting down valuable trees) ৷ ৰাজ্যৰ বাদেই, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুস্কৃতিকাৰীয়েও বনাঞ্চলখনৰ ভিতৰত প্ৰৱেশ কৰি গছ-গছনি, হাবি-জংঘল কাটি অবৈধভাৱে দখলৰ চেষ্টা চলোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷ ইমানৰ পাছতো ৰাজ্যৰ বন বিভাগ কূম্ভকৰ্ণৰ নিদ্ৰাত থকা বুলি অভিযোগ তুলিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকসকলে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST
TAGGED:
Behali Reserve Forest