অসম

assam

Constituency Delimitation

ETV Bharat / videos

Constituency Delimitation: নিৰ্বাচন আয়োগৰ শুনানীত ৰাইজৰ দলৰ সাধাৰণ সম্পাদকক অপমানৰ অভিযোগ - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

By

Published : Jul 21, 2023, 3:49 PM IST

গুৱাহাটী, 21 জুলাই:গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুকুৰবাৰে অনুষ্ঠিত দেশৰ নিৰ্বাচন আয়োগৰ বিভিন্ন ঠাইৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ৰাজহুৱা শুনানিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানক আয়োগে অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ খোদ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক তথা লখিমপুৰৰ বাসিন্দা আজিজুৰ ৰহমানে কৰিছে ।  

উল্লেখ্য যে শুকুৰবাৰে পুৱা 9.30 বজাৰপৰা দুপৰীয়া 12.30 বজালৈ তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ বাবে শুনানি গ্ৰহণ কৰা হয় ৷ এই শুনানিত লখিমপুৰৰ আজিজুৰ ৰহমানে অংশগ্ৰহণ কৰে ।  

তেওঁ সাংবাদিকৰ আগত কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত লখিমপুৰ জিলাত পাঁচটা বিধানসভা সমষ্টি কৰা হৈছে । আমি শুনানিত ইয়াৰ বিৰোধিতা কৰিছিলো । আমি লখিমপুৰত চাৰিটা সমষ্টি থকাটো তথ্য সহকাৰে যুক্তি দৰ্শাইছিলো । কিন্তু আমাৰ কথা আয়োগে শুনিব নিবিচাৰিলে ।’’

আমাৰ হাতৰ পৰা মাইক্ৰফোন কাঢ়ি নি আৰক্ষী লগাই আমাক শুনানি কক্ষৰ পৰা বাহিৰ কৰি অপমান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে আয়োগে স্বতন্ত্ৰতা হেৰুৱাইছে । আয়োগে বিজেপি চৰকাৰৰ শ্ৰুতলিপি মতে কাম কৰা সংস্থালৈ পৰিণত হৈছে ।

লগতে পঢ়ক:Constituency delimitation : কলাক্ষেত্ৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details