Embezzlement of PMAY fund: তিনিচুকীয়াত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে PMAY আঁচনিৰ ধন আত্মসাতৰ অভিযোগ - Massive corruption in pmay scheme
তিনিচুকীয়াৰ পঞ্চায়তত PMAY আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি(Massive corruption in pmay scheme) । এইবাৰ তিনিচুকীয়া জিলাৰ ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে পুঁজি আত্মসাতৰ অভিযোগ(Embezzlement of PMAY fund in Tinichukia) । তিনিচুকীয়াৰ শিউপুৰ চাহ বাগিচাৰ নিবাসী অনিতা চেনই নামৰ হিতাধিকাৰীগৰাকীৰ নামত প্ৰধান মন্ত্ৰী আৱাস যোজনা শিতানত আৱন্টিত প্ৰথম কিস্তিৰ ৩২৫০০ টকা দয়া শংকৰ যাদৱে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল মহিলা গৰাকী । ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা ৫ নৱেম্বৰত তিনিচুকীয়াৰ ন-পুখুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছতে উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০ ধাৰাৰ অধীনত ১০৮১/২২নম্বৰত গোচৰ পঞ্জীয়ন কৰি আটক মঙলবাৰে পঞ্চায়ত সভাপতি দয়া শংকৰ যাদৱক আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত মুক্তি দিয়ে অভিযুক্ত সভাপতিজনক ৷ ইফালে ধন আত্মসাতৰ অভিযোগ নস্যাৎ কৰিছে সভাপতিগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST