Corruption in village panchayat: নলবাৰীৰ ঘোগা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Corruption in village panchayat
নলবাৰী, 15 ফেব্ৰুৱাৰী : নলবাৰীৰ ঘোগা গাঁও পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Allegations of corruption in village panchayat)৷ ইয়াকে লৈ মংগলবাৰ অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনা ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘোগা পঞ্চায়তৰ সচিবে উৎকোচ বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন স্থানীয় লোকে (Nalbari Panchayat Scam) । ইয়াকে লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷
এনৰেগা আঁচনিৰ ধন মোকোলাই দিয়াৰ বাবদ পঞ্চায়ত সচিব গৰাকীয়ে উৎকোচ বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এজন লোকে ৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ এগৰাকী স্থানীয় লোকে এনৰেগা আঁচনিৰ প্ৰাপ্য ধনখিনি মোকলাই দিবলৈ ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমৰ কাষ চাপিছিল (Scam in Nalbari Panchayat )৷ ইয়াৰ পিছতে স্থানীয় লোকগৰাকীৰ পৰা ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী লোকজনে । পঞ্চায়ত সচিব গৰাকীয়ে পূৰ্বতেও কাচিম আলী নামৰ স্থানীয় লোকজনৰ পৰা বিল মোকোলাই দিয়াৰ বাবদ ১০০০ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী তথা কাচিম আলীয়ে ।
আনকি উৎকোচ নিদিলে ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব গৰাকীয়ে ধন মোকলাই নিদিয়াৰো ভাবুকি প্ৰদান কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ভুক্তভোগী কাচিম আলীয়ে । ইয়াৰ পিছতেই ভুক্তভোগী কাচিম আলীৰ লগতে স্থানীয় একাংশ ক্ষুব্ধ লোকে ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।
ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমে স্থানীয় লোকৰ এই অভিযোগ নস্যাৎ কৰি ঘোগা পঞ্চায়তৰ একাংশ লোকে অনিয়মেৰে তথা উপযুক্ত তথ্য প্ৰদান নকৰাকৈয়ে এমজিএনৰেগা আঁচনিৰ ধন সৰকাবলৈ চেষ্টা কৰে বুলি প্ৰতি অভিযোগ আনে (MNREGA) । অনিয়মৰ প্ৰতি সদা সতৰ্ক তথা সঠিক কাগজ-পত্ৰ নোচোৱাকৈ ক’তো অনুমতিৰ স্বাক্ষৰ প্ৰদান নকৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই অভিযোগ আনে বুলি কয় ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমে ।
আনহাতে, উৎকোচ বিচৰাৰ অভিযোগ পোনছাটেই নাকচ কৰে ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমে ।