অসম

assam

আকৌ অনিয়ম

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:48 AM IST

ETV Bharat / videos

Poor condition of Amguri cemetery : আমগুৰিত শ্মশানস্থলী নিৰ্মাণত চৰকাৰী ধনৰ অপচয় হোৱাৰ অভিযোগ

আমগুৰি, ২ নৱেম্বৰ :আকৌ অনিয়ম ৷ এইবাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ শ্মশানস্থলী নিৰ্মাণত ৷ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ দিকচু বেলিমুখীয়াত শ্মশানস্থলী নিৰ্মাণত চৰকাৰী ধন অপচয় হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

স্থানীয় ৰাইজে উল্লেখ্য কৰা অনুসৰি, ২০১৮-১৯ বৰ্ষতে নিৰ্মাণ কৰা আমগুৰিৰ শ্মশানস্থলীখন আজি পৰ্যন্ত উদ্বোধন কৰা হোনা নাই ৷ ফলত এই শ্মশানস্থলীখন হাবি-জংঘলৰ মাজত অনাদৃতভাৱে পৰি ৰৈছে । তথ্য অনুসৰি, ২০১৮-১৯ বৰ্ষতে বিধায়কৰ আছুতীয়া পুঁজিৰ পৰা প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই শ্মশানস্থলীখন ৷

সেই তেতিয়াই স্থানীয় ৰাইজে শ্মশানস্থলীখন নদীৰ কাষত নিৰ্মাণ কৰিবলৈ দাবী জনাইছিল ৷ আনকি স্থানীয় লোকে নিৰ্মাণৰ পূৰ্বে শ্মশানস্থলীখন অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ দাবী জনাইছিল শিৱসাগৰ জিলা আয়ুক্ত, সমষ্টিৰ বিধায়কক ৷ কিন্তু স্থানীয় ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ।

কেৱল প্ৰায় ১ কঠা ভূমিত শ্মশানস্থলীখন নিৰ্মাণ কৰি চৰকাৰী ধনৰ অপচয় কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ সেয়ে স্থানীয় ৰাইজে সম্প্ৰতি হাবি-জংঘলেৰে পূৰ্ণ এই শ্মশানস্থলীখন ৰাইজৰ ব্যৱহাৰৰ উপযোগী হোৱাকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Bengali Organization Press meet : নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীৰ সমস্যা সমাধান কৰক; বাঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ হ’ব বিজেপি : বাঙালী সংগঠন

ABOUT THE AUTHOR

...view details