অসম

assam

পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ তালিকা, তদন্তৰ নামত ভেকোভাওনা বিভাগৰ

ETV Bharat / videos

Gaon Panchayat President Corruption : পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ তালিকা, তদন্তৰ নামত ভেকোভাওনা

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:07 PM IST

বঙাইগাঁও, 7 নৱেম্বৰ : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তৰ সভাপতি মীৰ ইমৰাণ হুছেইন(পুনু) ৰ বিৰুদ্ধে পৰ্বতসম দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ অতিষ্ঠ হৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈ তদন্তৰ নামত ভেকোভাওনা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 

অভিযোগ অনুসৰি, পঞ্চায়ত সভাপতি মীৰ ইমৰাণ হুছেইনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত 5-10 হাজাৰ টকা উৎকোচ লোৱা, উৎকোচ লৈ এজনৰ ঘৰৰ টকা আনজনৰ একাউণ্টত সোমোৱাই দিয়াৰ লগতে ৰাইজে বাঁহেৰে সাঁকো নিৰ্মাণ কৰাৰ পিচতে সভাপতিগৰাকীয়ে দলং নিৰ্মাণৰ নামত বিভাগৰ পৰা ধন উঠোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কৰা, কোনো লোকে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে আৰক্ষীৰ নামত ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ 

ইতিমধ্যে সভাপতিজনৰ বিৰুদ্ধে অভিযোগ তুলি জিলা আয়ুক্ত, জিলা পৰিষদ, খণ্ড উন্নয়ন বিষয়া, দুৰ্নীতি নিৰ্বাৰক শাখাক অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে । কিন্তু তদন্তৰ নামত ভেকোভাওনাহে কৰি আছে বুলি ক্ষোভ উজাৰে স্থানীয় লোকসকলে ৷ সেয়েহে অনতিপলমে পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:Raijor Dal rally: শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ কাষলৈ যাব ৰাইজৰ দল

ABOUT THE AUTHOR

...view details